AAI : মনোজ কুমাৰ শৰ্মা বৰদলৈ উত্তৰ-পূৰ্বাঞ্চলৰ কাৰ্যবাহী অধিকাৰী
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ৫ জুলাই: অসমৰ মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে ১ জুলাইৰ পৰা ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষ (Airports Authority of India – AAI)ৰ উত্তৰ-পূৰ্বাঞ্চলীয় আঞ্চলিক কাৰ্যবাহী অধিকাৰী (Regional Executive Director – RED) হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। এই পদত অধিষ্ঠিত হোৱা প্ৰথম অসমীয়া বিষয়া হিচাপে তেওঁ ইতিহাস সৃষ্টি কৰিছে।
ইয়াৰ আগেয়ে, মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে AAI-ত অৰ্থ বিভাগৰ জেনেৰেল মেনেজাৰ (General Manager, Finance) হিচাপে সফলভাৱে দায়িত্ব পালন কৰিছিল। নতুন দায়িত্ব গ্ৰহণৰ দিনা গুৱাহাটীৰ AAI কাৰ্যালয়ত জ্যেষ্ঠ বিষয়া আৰু নাগৰিক বিমান ব্যৱস্থাপনা ক্ষেত্ৰৰ বিভিন্ন প্ৰতিনিধিয়ে তেওঁক উষ্ম অভ্যর্থনা জনায়।
তেওঁ আগৰ আঞ্চলিক কার্যবাহী অধিকাৰী জিয়ান বাত্ৰাৰ অৱসৰৰ পিছত এই নতুন পদত অধিষ্ঠিত হৈছে। মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিমান পৰিসেবা আৰু অবকাঠামোগত উন্নয়ন আগবঢ়াবলৈ বদ্ধপরিকর বুলি সদৰী কৰে।
তেওঁৰ দ্বাৰা এই পদত অধিষ্ঠিত হোৱাটো অসমীয়া সমাজ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ বিষয়। আশা কৰা হৈছে, তেওঁৰ নেতৃত্বত অঞ্চলটোৰ বিমান পৰিসেবা আৰু সংগঠনগত ব্যৱস্থা অধিক উন্নত হ’ব।
