Global Assam News

Global and Local Assam News Website

অসম বিধানসভাত হিন্দী ভাষাক চৰকাৰী কাৰ্য-ভাষা হিচাপে স্বীকৃতি

অসম বিধানসভাত হিন্দী ভাষাক চৰকাৰী কাৰ্য-ভাষা হিচাপে স্বীকৃতি

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ৫ জুলাই: অসম বিধানসভাত প্ৰথমবাৰৰ বাবে হিন্দী ভাষাক চৰকাৰী কাৰ্য-ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে। এই সিদ্ধান্তৰ ফলত ৬ জুলাইৰ পৰা আৰম্ভ হোৱা বাজেট অধিবেশনত হিন্দী ভাষাতো আলোচনা আৰু কাৰ্য সম্পাদন হ’ব পাৰে। বিধানসভাৰ নতুন এই পদক্ষেপক লৈ অসমত বিভিন্ন মহলত চাঞ্চল্যৰ সৃষ্টি হৈছে।

অসম বিধানসভাৰ সচিবালয়ে জাননী জাৰি কৰি কয়, অধিবেশন চলাকালত অসমীয়া আৰু ইংৰাজীৰ উপৰিও এতিয়া হিন্দী ভাষাতো সকলো ধৰণৰ আলোচনা, প্ৰস্তাব আৰু প্ৰতিবেদন দাখিল কৰিব পাৰিব। এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ বিধায়কসকলে নিজৰ সুবিধাজনক ভাষাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হোৱাটো নিশ্চিত কৰা।

অসম বিধানসভাৰ অধ্যক্ষই কয়, “ভাষাগত বৈচিত্ৰ্যক মান্যতা দি বিধায়কসকলে অধিক স্বচ্ছন্দভাৱে আলোচনা কৰিব পাৰে, আৰু কেন্দ্ৰীয় ৰাজনীতিৰ লগত সংযোগো সুদৃঢ় হ’ব।”

ইয়াৰ বিপৰীতে, কিছুমান অসমীয়া সংগঠনে এই সিদ্ধান্তক লৈ চিন্তা প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে, অসমৰ নিজৰ ভাষা-সংস্কৃতিৰ স্বাতন্ত্র্য ৰক্ষা কৰাৰ ক্ষেত্ৰত অধিক সতৰ্কতা অবলম্বন কৰা উচিত।

৬ জুলাইৰ পৰা আৰম্ভ হোৱা বাজেট অধিবেশনত এই নতুন ভাষাগত পৰিৱর্তনে কেনেধৰণে প্ৰভাৱ পেলাব, তাৰ ওপৰিও সৰ্বসাধাৰণৰ দৃষ্টি থাকিব।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *