হিমন্তৰ মন্তব্য, ‘অসমৰ উন্নয়নৰ শ্ৰেষ্ঠ সময় এতিয়াও আহিবলৈ বাকী’
-
অসমৰ উন্নয়নক লৈ মুখ্যমন্ত্ৰীৰ আশাবাদী মন্তব্য।
-
Guns N’ Rosesৰ সংগীতৰ জৰিয়তে উন্নয়নৰ প্ৰচাৰ।
-
২৭ হাজাৰ কোটি টকাৰ ছেমিকণ্ডাক্টৰ বিনিয়োগ।
-
শিশু, যুৱক-যুৱতী, আৰক্ষী আৰু পথ যোগাযোগৰ ওপৰত গুৰুত্ব।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ২১ নৱেম্বৰঃ অসমৰ সামগ্ৰিক উন্নয়ন আৰু বিভিন্ন ক্ষেত্ৰত লাভ কৰা সফলতাক লৈ আশাবাদী মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ‘Assam is rocking, best is yet to come’ বুলি মন্তব্য কৰি তেওঁ ৰাজ্যখনৰ বৰ্তমানৰ অগ্ৰগতিৰ লগতে ভৱিষ্যতৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰে।
গুৱাহাটীত ১৭ নৱেম্বৰত অনুষ্ঠিত বিশ্ববিখ্যাত আমেৰিকান ৰক বেণ্ড ‘Guns N’ Roses’-ৰ সংগীতানুষ্ঠানৰ জনপ্ৰিয়তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে বেণ্ডটোৰ সংগীতৰ শিৰোনামৰ আৰ্হিত অসমৰ উন্নয়নৰ ছবি দাঙি ধৰে।
ছটা পোষ্টাৰত অসমৰ উন্নয়নৰ ছবি
মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা ছটা পোষ্টাৰত চৰকাৰৰ বিভিন্ন পদক্ষেপ আৰু সফলতা তুলি ধৰে। ইয়াৰ ভিতৰত শিশুৰ ভৱিষ্যৎ, ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, যুৱ প্ৰতিভাৰ বিকাশ, উদ্যোগ স্থাপন আৰু পথ যোগাযোগৰ উন্নয়নৰ বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে।
২৭ হাজাৰ কোটি টকাৰ বিনিয়োগৰ উল্লেখ
‘Assam Ne Crazy Kiya Re!’ শীৰ্ষক পোষ্টাৰত টাটা ইলেক্ট্ৰনিকছৰ প্ৰস্তাৱিত ২৭ হাজাৰ কোটি টকাৰ ছেমিকণ্ডাক্টৰ বিনিয়োগৰ কথা উল্লেখ কৰা হৈছে। আন এটা পোষ্টাৰত উন্নত পথ যোগাযোগৰ জৰিয়তে অধিক সংযুক্ত অসমৰ ছবি দাঙি ধৰা হৈছে।
মুখ্যমন্ত্ৰীৰ এই সংগীতভিত্তিক উপস্থাপনে অসমৰ উন্নয়নৰ প্ৰচাৰত এক সুকীয়া মাত্ৰা যোগ কৰিছে।
