কোকৰাঝাৰ-গেলেপু ৰেল সংযোগে ভাৰত-ভুটান বন্ধুত্বৰ নতুন দিশা
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ৫ জুলাই: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ-গেলেপু ৰেল সংযোগক ভাৰত-ভুটান সম্পৰ্কৰ ক্ষেত্ৰত এটি যুগান্তকাৰী পদক্ষেপ হিচাপে উল্লেখ কৰিছে। তেওঁ কয়, এই প্ৰস্তাৱিত ৰেল প্ৰকল্পটোৱে দুয়ো দেশৰ বানিজ্য, পৰ্যটন আৰু আঞ্চলিক উন্নয়নত নতুন দিশা যোগাব।
মুখ্যমন্ত্ৰীয়ে টুইটাৰত লিখে, “এই ৰেল প্ৰকল্পটোৱে অসমৰ পূৰ্ব-পূৰ্বাঞ্চল নীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সীমান্ত সংযোগৰ জৰিয়তে অসমক আঞ্চলিক গেটৱে হিচাপে গঢ়ি তুলিব।” তেওঁ এই প্ৰকল্পক “Laying Tracks for a Better Future” বুলিও অভিহিত কৰে।
প্ৰস্তাৱিত ৬৯.০৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথটো অসমৰ কোকৰাঝাৰক ভুটানৰ গেলেপু Mindfulness City-ৰ সৈতে সংযোগ কৰিব। প্ৰকল্পটো অনুমানিক ৩,৪৫৬.৩৬ কোটি টকাৰ ব্যয়ত বিকাশ হ’ব।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে, “এই ৰেলপথে পণ্য আৰু মানুহৰ যাত্ৰা অধিক সহজ কৰি বানিজ্য, পৰ্যটন আৰু সীমান্ত সংযোগৰ নতুন দিশা মুকলি কৰিব। ইয়াৰ জৰিয়তে অসমৰ কৌশলগত মূল্য বৃদ্ধি হ’ব, আৰু ভাৰত-ভুটান বন্ধুত্বৰ ভিত মজবুত হ’ব।”
তেওঁ আশা প্ৰকাশ কৰে, উন্নত সংযোগে দুয়ো দেশৰ সহযোগিতা আৰু আঞ্চলিক একত্ৰিকৰণ অধিক দৃঢ় হ’ব, লগতে টেকসই উন্নয়ন আৰু ভাগৰ সমৃদ্ধিত সহায় হ’ব
