নগাঁৱৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জ্যেষ্ঠ সাংবাদিকৰ পুত্ৰই
-
চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
গেছ টেংকাৰত বাহনৰ খুন্দা।
-
প্ৰয়াত সাংবাদিকৰ একমাত্ৰ পুত্ৰৰ মৃত্যু।
-
আৰক্ষীৰ তদন্ত অব্যাহত।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ৫ নৱেম্বৰ:নগাঁও জিলাৰ চামগুৰিৰ হেমাবাৰীত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে প্ৰয়াত জ্যেষ্ঠ সাংবাদিক তথা অধ্যাপক ড০ আবু হানিফাৰ একমাত্ৰ পুত্ৰই। নিহত যুৱকজনক আবু ইফতিজান জাহান বুলি চিনাক্ত কৰা হৈছে।
বুধবাৰে (৪ নৱেম্বৰ) সংঘটিত এই দুৰ্ঘটনাত যুৱকজনে চলাই অহা এখন হুণ্ডাই ছেণ্ট্ৰ’ বাহনে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ইউ-টাৰ্ণ ল’বলৈ চেষ্টা কৰি থকা এখন গেছ টেংকাৰৰ পিছফালে খুন্দা মাৰে। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনৰ ঘটনাস্থলীতে মৃত্যু হয়।
মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ আছিল জাহান
নিহত জাহান নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ আছিল। তেওঁৰ অকাল মৃত্যুৰ খবৰে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।
আৰক্ষীৰ তদন্ত অব্যাহত
দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
