November 21, 2026

Global Assam News

Global and Local Assam News Website

BT1ক নিৰাপদে উদ্ধাৰ, অসম-বংগৰ সমন্বয়ক প্ৰশংসা মুখ্যমন্ত্ৰীৰ

BT1ক নিৰাপদে উদ্ধাৰ, অসম-বংগৰ সমন্বয়ক প্ৰশংসা মুখ্যমন্ত্ৰীৰ
  • BT1 বাঘিনী নিৰাপদে উদ্ধাৰ।

  • ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত যৌথ অভিযান।

  • অসম-বংগৰ বন বিভাগৰ সমন্বয়ক মুখ্যমন্ত্ৰীৰ প্ৰশংসা।

  • বাঘিনীজনীক পুনৰ বক্সালৈ নিয়াৰ প্ৰস্তুতি।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ৪ নৱেম্বৰ: পশ্চিম বংগৰ পৰা অসমলৈ প্ৰৱেশ কৰা BT1 নামৰ ৰয়েল বেংগল বাঘিনীজনীক নিৰাপদে উদ্ধাৰ কৰাৰ পাছত অসম আৰু পশ্চিম বংগৰ বন বিভাগৰ মাজত হোৱা সমন্বয়ৰ প্ৰশংসা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

বুধবাৰে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে BT1ক নিৰাপদে উদ্ধাৰ কৰাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। দুয়োখন ৰাজ্যৰ বন বিভাগ, জিলা প্ৰশাসন, আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগিতাৰ ফলতে এই অভিযান সফল হৈছে বুলি তেওঁ উল্লেখ কৰে।

ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ বাঘিনী

উল্লেখ্য যে পশ্চিম বংগৰ বক্সা টাইগাৰ ৰিজাৰ্ভৰ পৰা মুকলি কৰি দিয়া BT1 নামৰ বাঘিনীজনীয়ে ১০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰি অসমৰ কোকৰাঝাৰ জিলাৰ ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিছিল।

২ অক্টোবৰত বক্সা টাইগাৰ ৰিজাৰ্ভত মুকলি কৰি দিয়াৰ পাছত ২৩ অক্টোবৰৰ পৰা বাঘিনীজনীৰ গতিবিধি ৰেডিঅ’ কলাৰৰ জৰিয়তে নিৰীক্ষণ কৰি থকা হৈছিল। পৰৱৰ্তী সময়ত বাঘিনীজনী জনবসতিপূৰ্ণ অঞ্চলৰ দিশে আগবাঢ়িবলৈ লোৱাত বন বিভাগে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

অসম-বংগৰ যৌথ অভিযান

মঙলবাৰে নিশা অসম আৰু পশ্চিম বংগৰ বন বিভাগৰ যৌথ প্ৰচেষ্টাত ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাঘিনীজনীক নিৰাপদে কৰায়ত্ত কৰা হয়। অভিযানত দুয়োখন ৰাজ্যৰ বনকৰ্মী, আৰক্ষী, প্ৰশাসন আৰু স্থানীয় লোকসকলে সহযোগিতা আগবঢ়ায়।

পশ্চিম বংগৰ বনমন্ত্ৰী মনোজ অৰাওনে জানিবলৈ দিয়া অনুসৰি, বাঘিনীজনীৰ স্বাস্থ্য বৰ্তমান ভাল। তেওঁক পুনৰ বক্সা টাইগাৰ ৰিজাৰ্ভলৈ ঘূৰাই নিয়াৰ প্ৰস্তুতি চলোৱা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *