November 22, 2026

Global Assam News

Global and Local Assam News Website

উচ্চতম ন্যায়ালয়ৰ ৰোষত অসমৰ পৰা হাতী স্থানান্তৰ ঘটনা

উচ্চতম ন্যায়ালয়ৰ ৰোষত অসমৰ পৰা হাতী স্থানান্তৰ ঘটনা
  • পাঁচটা হাতী অসম পৰা তামিলনাডুলৈ স্থানান্তৰ।

  • দুৰ্গাই নদিনতে ৩,০০০ কিলোমিটাৰ অতিক্ৰম।

  • প্ৰায় ৫০ দিনৰ আইনী প্ৰক্ৰিয়াক লৈ প্ৰশ্ন।

  • হাতীৰ সুৰক্ষা আৰু মালিকানা পৰীক্ষাত উচ্চতম ন্যায়ালয়ৰ গুৰুত্ব।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ৫ নৱেম্বৰ:অসমৰ পৰা তামিলনাডুৰ মন্দিৰলৈ বন্দী হাতী স্থানান্তৰৰ প্ৰক্ৰিয়াক লৈ উদ্বেগ প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। হাতীসমূহৰ মালিকানা, পৰিচয় আৰু পৰিবহণৰ ক্ষেত্ৰত নিৰ্ধাৰিত নিয়ম আৰু নীতি কঠোৰভাৱে মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।

বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে People for Cattle in India (PFCI) নামৰ সংগঠনটোৱে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে। সংগঠনটোৱে অসমৰ পৰা তামিলনাডুলৈ পাঁচটা বন্দী হাতী স্থানান্তৰৰ প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।

নয় দিনতে ৩,০০০ কিলোমিটাৰ যাত্ৰা

আবেদনকাৰীৰ অধিবক্তা মীনাক্ষী অৰোৰাই আদালতত যুক্তি দৰ্শায় যে হাতী স্থানান্তৰৰ বাবে প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষা, অনুমোদন আৰু অন্যান্য আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ প্ৰায় ৫০ দিনৰ প্ৰয়োজন। কিন্তু দুৰ্গা নামৰ পাঁচ বছৰীয়া এজনী হাতীক স্থানান্তৰৰ আবেদন কৰাৰ মাত্ৰ নদিনৰ ভিতৰতে প্ৰায় ৩,০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি চেন্নাইলৈ লৈ যোৱা হৈছিল।

তেওঁৰ মতে, ৪ ছেপ্টেম্বৰত স্থানান্তৰৰ আবেদন কৰা হৈছিল আৰু ১৩ ছেপ্টেম্বৰত হাতীজনী চেন্নাইত উপস্থিত হৈছিল। ইমান কম সময়ৰ ভিতৰত সকলো আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাটো সম্ভৱনে, তাক লৈ প্ৰশ্ন উত্থাপন কৰে অধিবক্তাগৰাকীয়ে।

আইনী প্ৰক্ৰিয়া কঠোৰভাৱে মানি চলাৰ নিৰ্দেশ

মুখ্য ন্যায়াধীশে কয় যে হাতীৰ পৰিচয় আৰু মালিকানা পৰীক্ষা কৰাৰ লগতে পৰিবহণ আৰু যত্নৰ ক্ষেত্ৰত আদালতৰ পূৰ্বৰ নিৰ্দেশনা মানি চলিব লাগিব। ততাতৈয়াকৈ স্থানান্তৰৰ বিষয়টো আগতীয়াকৈ আদালতৰ দৃষ্টিগোচৰ হোৱা হ’লে আদালতে হস্তক্ষেপ কৰিলেহেঁতেন বুলিও তেওঁ মন্তব্য কৰে।

ইতিমধ্যে পাঁচটা হাতী স্থানান্তৰ কৰা হৈছে বাবে এই পৰ্যায়ত সিহঁতক ঘূৰাই পঠোৱাৰ নিৰ্দেশ দিয়াৰ সম্ভাৱনা নাই বুলি আদালতে ইংগিত দিয়ে। অৱশ্যে আবেদনকাৰী সংগঠনটোক চলি থকা গোচৰত নতুনকৈ আবেদন দাখিল কৰাৰ অনুমতি প্ৰদান কৰা হৈছে।

এই ঘটনাই দেশত বন্দী হাতীৰ সুৰক্ষা, কল্যাণ আৰু আন্তঃৰাজ্যিক স্থানান্তৰৰ আইনী প্ৰক্ৰিয়াক লৈ পুনৰ চৰ্চাৰ সৃষ্টি কৰিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *