November 22, 2026

Global Assam News

Global and Local Assam News Website

গুৱাহাটীত মাতৃক আক্ৰমণৰ অভিযোগৰ পিছতে ছাত্ৰৰ আত্মহত্যা

গুৱাহাটীত মাতৃক আক্ৰমণৰ অভিযোগৰ পিছতে ছাত্ৰৰ আত্মহত্যা
  • বামুণীমৈদামৰ পূব জ্যোতিনগৰত ঘটনা।

  • মাতৃক চোকা অস্ত্ৰৰে আক্ৰমণৰ অভিযোগ।

  • অট্টালিকাৰ পৰা জঁপিয়াই ছাত্ৰৰ মৃত্যু।

  • মাতৃ GMCHৰ আই চি ইউত সংকটজনক অৱস্থাত চিকিৎসাধীন।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ১৩ নৱেম্বৰ:গুৱাহাটীৰ বামুণীমৈদাম অঞ্চলত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰই নিজ মাতৃক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ পিছতে ছাত্ৰজনে এটা অট্টালিকাৰ পৰা জঁপিয়াই আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে।

ঘটনাটো পূব জ্যোতিনগৰৰ হালধি মিল অঞ্চলত সংঘটিত হয়। আক্ৰমণত গুৰুতৰভাৱে আহত মাতৃ চন্দ্ৰাণী কলিতাক (৫০) গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) ভৰ্তি কৰোৱা হৈছে। বৰ্তমান তেওঁ সংকটজনক অৱস্থাত আই চি ইউত চিকিৎসাধীন হৈ আছে।

মাতৃক চোকা অস্ত্ৰৰে আক্ৰমণৰ অভিযোগ

প্ৰাথমিক তথ্য অনুসৰি, ছাত্ৰজনে ঘৰতেই মাতৃক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল। আক্ৰমণৰ ফলত মাতৃগৰাকী গুৰুতৰভাৱে আহত হয়। ছাত্ৰজন গীতানগৰৰ গুৰুকুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ বুলি জানিব পৰা গৈছে।

ঘটনাৰ তদন্ত অব্যাহত

মাতৃক আক্ৰমণ কৰাৰ পিছত ছাত্ৰজনে বিদ্যালয়ৰ এটা গোটত ঘটনাটোৰ বিষয়ে লিখা বুলিও প্ৰাথমিক প্ৰতিবেদনত প্ৰকাশ পাইছে। পৰৱৰ্তী সময়ত গুৱাহাটীৰ ABC অঞ্চলৰ ময়ূৰ গাৰ্ডেন নামৰ অট্টালিকাৰ পৰা জঁপিয়াই তেওঁ আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *