November 21, 2026

Global Assam News

Global and Local Assam News Website

উত্তৰ লখিমপুৰত যুৱ ব্যৱসায়ীৰ ৰহস্যজনক মৃত্যু

উত্তৰ লখিমপুৰত যুৱ ব্যৱসায়ীৰ ৰহস্যজনক মৃত্যু
  • উত্তৰ লখিমপুৰত যুৱ ব্যৱসায়ীৰ ৰহস্যজনক মৃত্যু।

  • মৃত যুৱকজন তন্ময় জ্যোতি দত্ত ফুকন।

  • পৰিয়ালৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু।

  • মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ অপেক্ষাত আৰক্ষী।

সমগ্ৰ সমাচাৰ সেৱা

লখিমপুৰ,৮ নৱেম্বৰ:উত্তৰ লখিমপুৰত এগৰাকী যুৱ উদ্যোগীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। শুকুৰবাৰে পুৱা পানীন্দ্ৰ পথৰ এটা ভাড়াঘৰৰ শোৱনি কোঠাৰ পৰা যুৱ ব্যৱসায়ীজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

মৃত যুৱকজন ধেমাজি জিলাৰ বৰদলনিৰ তন্ময় জ্যোতি দত্ত ফুকন। তেওঁ উত্তৰ লখিমপুৰত থকা ‘ইউফ’ৰিয়া ইউনিচেক্স ছেলুন’ৰ স্বত্বাধিকাৰী আছিল।

ভাড়াঘৰত উদ্ধাৰ মৃতদেহ

প্ৰাপ্ত তথ্য অনুসৰি, তন্ময়ক শোৱনি কোঠাৰ মজিয়াত ডিঙিত বিছনাৰ চাদৰৰ অংশ মেৰিয়াই থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল। তেওঁৰ বন্ধু তথা ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ মেনেজাৰ মানস বৈৰাগীয়ে পুৱা প্ৰায় ৫.১৫ বজাত ঘটনাটোৰ বিষয়ে জানিব পাৰি আন এজন বন্ধুৰ সৈতে তেওঁক চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ঘটনাটোক লৈ যুৱকজনৰ বন্ধু-বান্ধৱীৰ মাজত সন্দেহৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকেও ঘটনাটোৰ উচিত তদন্তৰ দাবী জনাই আৰক্ষীৰ কাষ চাপিছে।

আৰক্ষীৰ তদন্ত অব্যাহত

ঘটনা সন্দৰ্ভত উত্তৰ লখিমপুৰ সদৰ থানাত ৩৫৮/২৬ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে তন্ময়ৰ প্ৰেমিকা, বন্ধু-বান্ধৱী আৰু কৰ্মচাৰীসকলৰ ভাষ্য গ্ৰহণ কৰিছে। ইতিমধ্যে তেওঁৰ প্ৰেমিকাক দুবাৰকৈ সোধা-পোছা কৰা হৈছে বুলি জানিব পৰা গৈছে।

লখিমপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাই জনোৱা অনুসৰি, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি থকা হৈছে। প্ৰতিবেদন লাভ কৰাৰ পিছত তদন্তৰ পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে, তন্ময়ে বিগত তিনি বছৰ ধৰি উত্তৰ লখিমপুৰত ব্যৱসায় চলাই আহিছিল। তেওঁ এগৰাকী অভিনেতা আৰু ঢোলবাদক হিচাপেও স্থানীয়ভাৱে পৰিচিত আছিল।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *