তেঙাখাতৰ অইলৰ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি
-
তেঙাখাতৰ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি।
-
৪৫ বছৰীয়া শৈলেন গগৈৰ চিকিৎসাধীন অৱস্থাত মৃত্যু।
-
৬ নৱেম্বৰত সংঘটিত হৈছিল বিস্ফোৰণ।
-
অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।
সমগ্ৰ সমাচাৰ সেৱা
ডিব্ৰুগড়,৮ নৱেম্বৰ:ডিব্ৰুগড় জিলাৰ তেঙাখাতস্থিত অইল ইণ্ডিয়া লিমিটেডৰ (OIL) ইণ্টাৰমিডিয়েট টেংক ফাৰ্মত সংঘটিত বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ঘটনাত মৃতকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পাইছে। দেওবাৰে চিকিৎসাধীন অৱস্থাত আন এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ পিছতে এই সংখ্যা বৃদ্ধি পায়।
চিকিৎসাধীন অৱস্থাত শ্ৰমিকৰ মৃত্যু
মৃত শ্ৰমিকজন হৈছে তেঙাখাতৰ পদুমণি গাঁৱৰ ৪৫ বছৰীয়া শৈলেন গগৈ। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
উল্লেখ্য যে, ৬ নৱেম্বৰত অইলৰ তেঙাখাতস্থিত টেংক ফাৰ্মত বিস্ফোৰণৰ পিছতে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল। এই ঘটনাত কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছিল।
মৃতকৰ পৰিচয় আৰু তদন্ত
এই ঘটনাত মৃত্যু হোৱা আন তিনিজন হৈছে ৰাজু দত্ত, তপস গগৈ আৰু ৰূপম গগৈ। আটাইকেইজন শ্ৰমিক মুম্বাইস্থিত স্পেক্ট্ৰন ইঞ্জিনিয়াৰ্ছ প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰী আছিল। প্ৰতিষ্ঠানটোৱে অইল ইণ্ডিয়াৰ হৈ কাম কৰিছিল।
ইফালে, অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাটোৰ তদন্ত অব্যাহত আছে। বাকী আহত শ্ৰমিকসকলৰ অৱস্থাৰ বিষয়েও অধিক তথ্যৰ অপেক্ষা কৰা হৈছে।
