কাটিগড়াত ৰে’লপথত বিকল ট্ৰাক, ৪০ মিনিট পলম ৰে’ল
-
কাটিগড়াৰ হাইলাকান্দি ৰে’লৱে ক্ৰছিঙত ঘটনা।
-
পুৱা প্ৰায় ১১ বজাত ট্ৰাক বিকল।
-
হুমছফৰ এক্সপ্ৰেছ ৪০ মিনিট পলম।
-
প্ৰায় ৩০ মিনিটৰ চেষ্টাত ট্ৰাক আঁতৰোৱা হয়।
সমগ্ৰ সমাচাৰ সেৱা
কাছাৰ,২১ নৱেম্বৰ:অসমৰ কাছাৰ জিলাৰ কাটিগড়াত ৰে’লপথৰ ওপৰত এখন ট্ৰাক বিকল হৈ পৰাৰ ফলত ব্যাহত হয় ৰে’ল চলাচল। শনিবাৰে সংঘটিত এই ঘটনাৰ বাবে আগৰতলা-বেংগালুৰু অভিমুখী হুমছফৰ এক্সপ্ৰেছ প্ৰায় ৪০ মিনিট পলম হয়।
ৰে’লৱে ক্ৰছিঙত আবদ্ধ ট্ৰাক
প্ৰাপ্ত তথ্য অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথ-৬ৰ হাইলাকান্দি ৰে’লৱে ক্ৰছিঙত শনিবাৰে পুৱা প্ৰায় ১১ বজাত ৰে’লগেট পাৰ হোৱাৰ সময়তে ট্ৰাকখন যান্ত্ৰিক বিজুতিৰ বাবে ৰে’লপথৰ ওপৰতে ৰৈ যায়। ফলত উক্ত পথত ৰে’ল চলাচল সাময়িকভাৱে বন্ধ হৈ পৰে।
৩০ মিনিটৰ চেষ্টাৰ পিছত আঁতৰোৱা হয় ট্ৰাক
আবদ্ধ ট্ৰাকখন আঁতৰাবলৈ আন চাৰিখন ট্ৰাকৰ সহায় লোৱা হয় যদিও প্ৰথম অৱস্থাত চেষ্টা সফল নহয়। প্ৰায় ৩০ মিনিটৰ পিছত ট্ৰাকখনত পুনৰ ইন্ধন ভৰাই ইঞ্জিন আৰম্ভ কৰা হয় আৰু অৱশেষত ৰে’লপথৰ পৰা আঁতৰোৱা হয়। ইয়াৰ পিছতে পুনৰ ৰে’ল চলাচল স্বাভাৱিক হয়। এই ঘটনাৰ ফলত হুমছফৰ এক্সপ্ৰেছৰ যাত্ৰীসকলে কিছু অসুবিধাৰ সন্মুখীন হয়।
