November 21, 2026

Global Assam News

Global and Local Assam News Website

গোলাঘাটত ট্ৰেফিক চালান নিষ্পত্তিৰ বাবে বিশেষ আদালত
  • গোলাঘাটত বিশেষ ট্ৰেফিক চালান আদালত মুকলি।

  • ন্যায়াধীশ দেৱাশীষ বৰুৱাই উদ্বোধন কৰে।

  • জিলাখনত ৪,৩৩৯টা চালান অনাদায় হৈ আছে।

  • প্ৰতিমাহে নিৰ্ধাৰিত দিনত পৰিশোধৰ সুবিধা।সমগ্ৰ সমাচাৰ সেৱা | ২১ নৱেম্বৰ, ২০২৬

সমগ্ৰ সমাচাৰ সেৱা

গোলাঘাট ,২১ নৱেম্বৰ:অসমৰ গোলাঘাট জিলাত যান-বাহনৰ ট্ৰেফিক চালান নিষ্পত্তিৰ সুবিধাৰ্থে এখন বিশেষ আদালত মুকলি কৰা হৈছে। শনিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তথা গোলাঘাট জিলাৰ পৰ্টফলিঅ’ ন্যায়াধীশ দেৱাশীষ বৰুৱাই এই বিশেষ আদালতখন উদ্বোধন কৰে।

মাহে নিৰ্দিষ্ট দিনত পৰিশোধ কৰিব পাৰিব জৰিমনা

নতুন ব্যৱস্থাৰ অধীনত যান-বাহনৰ গৰাকীয়ে প্ৰতিমাহে নিৰ্ধাৰিত দিনত গোলাঘাট জিলা ন্যায়িক আদালত আৰু কাৰ্যালয়ত উপস্থিত হৈ যান-বাহন আইন উলংঘাৰ বাবে আৰোপ কৰা জৰিমনা পৰিশোধ কৰিব পাৰিব। ইয়াৰ ফলত বিশেষ লোক আদালতৰ বাবে অপেক্ষা নকৰাকৈ বাকী থকা চালানসমূহ নিষ্পত্তি কৰাৰ সুবিধা লাভ কৰিব বাহনৰ গৰাকীয়ে।

ইয়াৰ পূৰ্বে সাধাৰণতে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত বাহন সম্পৰ্কীয় নথি-পত্ৰৰ কামৰ সময়ত চালানৰ জৰিমনা পৰিশোধ কৰিব লাগিছিল। আনহাতে, বহু বাকী থকা চালান বিশেষ লোক আদালতৰ জৰিয়তেহে নিষ্পত্তি কৰিব পৰা গৈছিল।

গোলাঘাটত ৪,৩৩৯টা চালান বাকী

উপলব্ধ তথ্য অনুসৰি, গোলাঘাট জিলাত বৰ্তমান ৪,৩৩৯টা যান-বাহনৰ চালান অনাদায় হৈ আছে। ইয়াৰ ভিতৰত বোকাখাতত ১,২১৩টা আৰু সৰুপথাৰত ৫১টা চালান বাকী আছে।

এই বিশেষ আদালত মুকলিৰ ফলত চালান নিষ্পত্তিৰ প্ৰক্ৰিয়া অধিক সহজ আৰু নিয়মীয়া হ’ব বুলি আশা কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত গোলাঘাটৰ জিলা আৰু সত্ৰ ন্যায়াধীশ ৰফিক আহমেদ তাপাদাৰ, জিলা আয়ুক্ত বিশ্বজিৎ ফুকন, জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্নীল ডেকাকে ধৰি কেইবাগৰাকীও ন্যায়িক বিষয়া আৰু অধিবক্তা উপস্থিত থাকে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *