দিল্লীত সামৰণি NESt Fest 2026, উত্তৰ-পূবৰ যুৱ প্ৰতিভাৰ উজ্বল উপস্থিতি
সমগ্ৰ সমাচাৰ সেৱা
নতুন দিল্লী, ৮ ছেপ্টেম্বৰ: My Home Indiaৰ উদ্যোগত অনুষ্ঠিত নৱম North East Students’ Festival (NESt Fest)ৰ দুদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰে দিল্লীৰ Talkatora Indoor Stadiumত। উৎসৱৰ অন্তিম দিনটোত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং ছাইনি আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে অংশগ্ৰহণ কৰে। উৎসৱৰ অন্তিম দিনত ফেশ্বন শ্ব’, সাংস্কৃতিক অনুষ্ঠান আৰু বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিয়ে বিশেষ আকৰ্ষণ সৃষ্টি কৰে। 
উত্তৰ-পূবৰ যুৱক-যুৱতীৰ প্ৰশংসা
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং ছাইনিয়ে শিক্ষাৰ্থীসকলক শিক্ষক দিৱসৰ শুভেচ্ছা জনাই কয় যে এনে উৎসৱে যুৱ প্ৰজন্মক নিজৰ প্ৰতিভা প্ৰকাশৰ বাবে মঞ্চ আৰু সুযোগ প্ৰদান কৰে। তেওঁ উত্তৰ-পূবৰ যুৱক-যুৱতীসকলৰ সাহস আৰু সম্ভাৱনাৰো প্ৰশংসা কৰে।
My Home Indiaৰ প্ৰতিষ্ঠাপক সুনীল দেওধৰে কয় যে আঠখন ৰাজ্যৰ শিক্ষাৰ্থীয়ে দেশৰ নেতাসকলৰ সন্মুখত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰিছে। অহা বছৰ উৎসৱৰ দশম সংস্কৰণ আৰু অধিক বৃহৎ পৰিসৰত অনুষ্ঠিত কৰাৰ কথাও তেওঁ উল্লেখ কৰে। 
ফেশ্বন শ্ব’ আৰু সাংস্কৃতিক পৰিৱেশনা
উৎসৱৰ অন্তিম সন্ধিয়াত উত্তৰ-পূবৰ পৰম্পৰাগত সাজ-পোছাকক লৈ ফেশ্বন শ্ব’ অনুষ্ঠিত হয়। ইয়াৰ লগতে অসম, মেঘালয়, মিজোৰাম, নাগালেণ্ড, হাৰিয়ানা আৰু ছত্তীশগড়ৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। শিল্পী Siampuii Ralte, Moko Koza, Aj Maisnam আৰু Dikshu Sarmaৰ সংগীতানুষ্ঠানেও দৰ্শকক মনোৰঞ্জন কৰে।
উল্লেখযোগ্যভাৱে, নক্সাল আন্দোলনৰ পৰা আঁতৰি শান্তি আৰু পুনৰ্বাসনৰ পথ গ্ৰহণ কৰা চাৰিজন প্ৰাক্তন সদস্যই অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁলোকৰ উপস্থিতিক পৰিৱৰ্তন আৰু নতুন জীৱনৰ এক বাৰ্তা হিচাপে উপস্থাপন কৰা হয়।
