Global Assam News

Global and Local Assam News Website

ঢকুৱাখনা :স্বাস্থ্য খণ্ডৰ সহযোগত সোণাৰী চাপৰিৰ বৰবাৰী গাঁৱত বৃহৎ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

ঢকুৱাখনা :স্বাস্থ্য খণ্ডৰ সহযোগত সোণাৰী চাপৰিৰ বৰবাৰী গাঁৱত বৃহৎ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
  • সহযাত্ৰী আৰু ঘিলামৰা স্বাস্থ্য খণ্ডৰ সহযোগত সোণাৰী চাপৰিৰ বৰবাৰী গাঁৱত বৃহৎ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সফল ৰূপে সম্পন্ন।
  • দুই শতাধিক জ্যেষ্ঠ-কনিষ্ঠ ৰাইজে স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় উন্নত মানৰ চিকিৎসা সেৱা গ্ৰহণ কৰে।
  • অভিজ্ঞ চিকিৎসক দলৰ সৈতে ২১ গৰাকী স্বাস্থ্য কৰ্মীৰ তত্ত্বাৱধানত সূক্ষ্ম স্বাস্থ্য পৰীক্ষা আৰু সম্পূৰ্ণ বিনামূলীয়া দৰব বিতৰণ।
  • সহযাত্রীৰ সভাপতি তুনতুন প্ৰসাদ, সম্পাদক দিব্য জ্যোতি চুতীয়া, মুখপাত্ৰ সুশান্ত পেগু আদিৰ সক্ৰিয় ভূমিকা।

সমগ্ৰ সমাচাৰ সেৱা 

ঢকুৱাখনা, ১২ জুলাই :ঢকুৱাখনাৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন “সহযাত্ৰী”ই ঘিলামৰা স্বাস্থ্য খণ্ডৰ সহযোগত সোণাৰী চাপৰিৰ বৰবাৰী গাঁৱৰ মুৰং ঘৰ প্ৰাঙ্গনত সংগঠনৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে এক বৃহৎ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন কৰে। গ্ৰাম্য অঞ্চলটোৰ দু’ শতাধিক জ্যেষ্ঠ তথা কনিষ্ঠ নাগৰিকে এই শিবিৰত উপস্থিত থাকি স্বাস্থ্য পৰীক্ষাৰ লগতে উন্নত চিকিৎসা সেৱা আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰয়োজনীয় দৰব লাভ কৰে।

শিবিৰটোত ঘিলামৰা স্বাস্থ্য খণ্ডৰ অভিজ্ঞ চিকিৎসক ডাঃ অমৰজ্যোতি শ্যাম, ডাঃ লেখন পেগু, ডাঃ বিজয় পেগু আৰু ডিব্ৰুগড় জিলাৰ চাবুৱা টি এষ্টেটৰ ডাঃ দীৰ্ঘজীৱী বৰা উপস্থিত থাকে। চিকিৎসকসকলৰ সৈতে মুঠ ২১ গৰাকী স্বাস্থ্য কৰ্মীয়ে ৰোগীসকলৰ স্বাস্থ্য অতি সূক্ষ্মভাৱে পৰীক্ষা কৰে। কেৱল স্বাস্থ্য পৰীক্ষা নহয়, ৰোগীসকলক উন্নত মানৰ চিকিৎসা সেৱা আৰু প্ৰয়োজনীয় দৰবও সম্পূৰ্ণ বিনামূলীয়াকৈ আগবঢ়োৱা হয়।

শিবিৰটো সুচাৰুভাৱে পৰিচালনাৰ ক্ষেত্ৰত সহযাত্ৰী সংগঠনটোৰ সভাপতি তুনতুন প্ৰসাদ, সম্পাদক দিব্য জ্যোতি চুতীয়া, মুখপাত্ৰ সুশান্ত পেগু, দেৱজিৎ চুতীয়া, কৈলাশ সোণোৱাল, ৰিদিপ সন্দিকৈ, নব চুতীয়া, অজয় দলে, নিটন বুঢ়াগোহাঁই, জ্যোতিকা চমুৱা, মমি বুঢ়াগোহাঁইসহ সমগ্ৰ কৰ্মকৰ্তাসকলে সক্ৰিয় ভুমিকা গ্ৰহণ কৰে।

‘সহযাত্ৰী’ পৰিয়ালৰ এই জনহিতৈষী পদক্ষেপ অঞ্চলটোৰ ৰাইজে উচ্চ প্ৰশংসা কৰে। বিগত তিনিবছৰত সংগঠনটোৱে গাঁৱত সামাজিক সজাগতা, সাহায্য আৰু স্বাস্থ্য সেৱা আগবঢ়াই ঢকুৱাখনাৰ পিছপৰা ৰাইজৰ মাজত সু-প্ৰশংসিত হ’বলৈ সক্ষম হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *