November 21, 2026

Global Assam News

Global and Local Assam News Website

ডিমা হাছাওৰ শিক্ষা ব্যৱস্থাৰ বুজ ল’লে ৰণোজ পেগুৱে
  • মাইবঙত শিক্ষা খণ্ডৰ পৰ্যালোচনা বৈঠক।

  • মাইবং ডিগ্ৰী কলেজ পৰিদৰ্শন।

  • ৫০খন বিচনাযুক্ত ছাত্ৰাবাস পৰিদৰ্শন।

  • কালাচান্দ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বুজ লয়।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ৩১ অক্টোবৰ: ডিমা হাছাও জিলাৰ শিক্ষা খণ্ডৰ অগ্ৰগতি আৰু আন্তঃগাঁথনিগত উন্নয়নৰ পৰ্যালোচনা কৰে অসমৰ শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৱে। শনিবাৰে মাইবঙৰ পিএম শ্ৰী মাইবং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে জিলাখনৰ শৈক্ষিক পৰিস্থিতিৰ বুজ লয়।

বৈঠকত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানত চলি থকা শিক্ষা সম্পৰ্কীয় আঁচনি, আন্তঃগাঁথনিৰ উন্নয়ন, শৈক্ষিক মানদণ্ড আৰু শিক্ষানুষ্ঠানসমূহে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা হয়। লগতে চৰকাৰী আঁচনিসমূহৰ ৰূপায়ণ আৰু গুণগত শিক্ষাৰ সুবিধা অধিক সম্প্ৰসাৰণৰ বিষয়েও পৰ্যালোচনা কৰা হয়।

মাইবং ডিগ্ৰী কলেজ পৰিদৰ্শন

পৰ্যালোচনা বৈঠকৰ পিছত শিক্ষামন্ত্ৰীগৰাকীয়ে মাইবং ডিগ্ৰী কলেজ পৰিদৰ্শন কৰে। এই সময়ছোৱাত তেওঁ মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। আলোচনাত মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ, বৰ্তমানৰ আন্তঃগাঁথনি আৰু ভৱিষ্যতৰ উন্নয়ন পৰিকল্পনাৰ বিষয়ে বুজ লয়।

ছাত্ৰাবাস আৰু বিদ্যালয়ৰ আন্তঃগাঁথনি পৰীক্ষা

ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে ৫০খন বিচনাযুক্ত ছাত্ৰাবাস আৰু কালাচান্দ উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপলব্ধ সা-সুবিধা, আৱাসিক ব্যৱস্থা আৰু শিক্ষণ পৰিৱেশৰ বুজ লয়।

ডিমা হাছাওৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰকৃত পৰিস্থিতি মূল্যায়ন কৰি উন্নয়নৰ প্ৰয়োজনীয় ক্ষেত্ৰসমূহ চিনাক্ত কৰাই এই ভ্ৰমণৰ মূল উদ্দেশ্য আছিল। জিলাখনৰ শিক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে প্ৰয়োজনীয় চৰকাৰী হস্তক্ষেপৰ ক্ষেত্ৰসমূহো পৰ্যালোচনা কৰা হয়।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *