ঐতিহ্য সংৰক্ষণৰ লক্ষ্যৰে অসম ৰাজ্যিক সংগ্ৰহালয়ত হস্তশিল্প কৰ্মশালা
-
অসম ৰাজ্যিক সংগ্ৰহালয়ত পাঁচদিনীয়া কৰ্মশালা।
-
২৫ৰ পৰা ২৯ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব।
-
পঞ্চমৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে প্ৰশিক্ষণ।
-
আবেদনৰ অন্তিম তাৰিখ ১৫ নৱেম্বৰ।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ৩১ অক্টোবৰ: নতুন প্ৰজন্মৰ মাজত অসমৰ পৰম্পৰাগত হস্তশিল্পৰ প্ৰতি আগ্ৰহ বৃদ্ধি আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লক্ষ্যৰে অসম ৰাজ্যিক সংগ্ৰহালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে পাঁচদিনীয়া হাতৰ এম্ব্ৰয়ডাৰী কৰ্মশালাৰ আয়োজন কৰা হৈছে।
২৫ৰ পৰা ২৯ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব কৰ্মশালা
অসম চৰকাৰৰ সংগ্ৰহালয় সঞ্চালকালয়ৰ উদ্যোগত ‘ঐতিহ্য–সংগ্ৰহালয় উৎসৱ’ৰ অংশ হিচাপে এই কৰ্মশালাখন অনুষ্ঠিত হ’ব। ‘Needle and Thread’ শীৰ্ষক কৰ্মশালাখন ২৫ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰহালয়ত অনুষ্ঠিত হ’ব।
পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰিব পাৰিব। অভিজ্ঞ শিল্পীৰ পৰা অংশগ্ৰহণকাৰীসকলে বিভিন্ন চিলাই কৌশল, নক্সা অংকন আৰু বস্ত্ৰশিল্পৰ সৃষ্টিশীল আৰ্হি প্ৰস্তুত কৰাৰ ব্যৱহাৰিক প্ৰশিক্ষণ লাভ কৰিব।
১৫ নৱেম্বৰৰ ভিতৰত আবেদন
আয়োজকসকলৰ মতে, এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক পৰম্পৰাগত হস্তশিল্পৰ সৈতে পৰিচিত কৰাৰ লগতে ধৈৰ্য, সৃজনশীলতা আৰু হাতেৰে কাম কৰাৰ দক্ষতা বিকাশত সহায় কৰিব।
কৰ্মশালাত অংশগ্ৰহণৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে ১৫ নৱেম্বৰৰ ভিতৰত আবেদন দাখিল কৰিব লাগিব। আসনৰ সংখ্যা সীমিত হোৱাৰ বাবে প্ৰথমে আবেদন কৰা শিক্ষাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব। আবেদন-পত্ৰ গুৱাহাটীৰ দীঘলীপুখুৰীস্থিত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ সহায়ক কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰিব পাৰিব।
