September 20, 2026

Global Assam News

Global and Local Assam News Website

‘হাৰগিলা বাইদো’ ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ ২০২৬ৰ নেচনেল জিঅ’গ্ৰাফিক ৱেফাইণ্ডাৰ বঁটা

‘হাৰগিলা বাইদো’ ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ ২০২৬ৰ নেচনেল জিঅ’গ্ৰাফিক ৱেফাইণ্ডাৰ বঁটা

সমগ্ৰ সমাচাৰ সেৱা

অসম ৫ ছেপ্টেম্বৰ:অসমৰ বিশিষ্ট সংৰক্ষণবিদ ড° পূৰ্ণিমা দেৱী বৰ্মনে ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ কঢ়িয়াই আনিছে গৌৰৱ। ২০২৬ চনৰ National Geographic Wayfinder Award লাভ কৰা ১৫গৰাকী পৰিৱৰ্তনকাৰীৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছে। বিজ্ঞান, সংৰক্ষণ, শিক্ষা, প্ৰযুক্তি আৰু জনসচেতনতাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক এই বঁটাৰে সন্মানিত কৰা হয়।

১৯৮০ চনত অসমৰ কামৰূপ অঞ্চলৰ পুব মাজিৰ গাঁৱত জন্মগ্ৰহণ কৰা পূৰ্ণিমা দেৱী বৰ্মনৰ শৈশৱ ব্ৰহ্মপুত্ৰৰ কাষত পাৰ হৈছিল। প্ৰকৃতি আৰু চৰাইৰ প্ৰতি তেওঁৰ আগ্ৰহ গঢ় লৈ উঠাত আইতাকৰ কাহিনীয়েও গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰাণীবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ পৰিৱেশ আৰু বন্যপ্ৰাণী জীৱবিজ্ঞানৰ ক্ষেত্ৰত গৱেষণা আগবঢ়ায়। বৰ্তমান তেওঁ অসমৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ সৈতে বন্যপ্ৰাণী জীৱবিজ্ঞানী হিচাপে কাম কৰি আছে।

হাৰগিলা আৰ্মী’ৰ জন্ম

ড° বৰ্মনৰ সংৰক্ষণ অভিযানৰ কেন্দ্ৰবিন্দু হৈছে বিশ্বৰ অন্যতম বিৰল চৰাই Greater Adjutant Stork, অসমত যাক ‘হাৰগিলা’ বুলি কোৱা হয়। প্ৰায় ২০০৭ চনৰ পৰা তেওঁ এই চৰাইটোৰ সংৰক্ষণৰ কামত সক্ৰিয়ভাৱে জড়িত হয়।

হাৰগিলাই গাঁও অঞ্চলৰ ওখ গছত বাহ সাজিবলৈ লোৱাত বহু সময়ত বাহ থকা গছ কাটি পেলোৱাৰ ফলত চৰাইবোৰ বিপদত পৰিছিল। তদুপৰি, হাৰগিলাক বহু লোকে অপৰিষ্কাৰ চৰাই বা অমংগলৰ প্ৰতীক হিচাপে গণ্য কৰিছিল। এই মানসিকতা সলনি কৰাৰ বাবে ড° বৰ্মনে গাঁওবাসী, বিশেষকৈ মহিলাসকলক সংৰক্ষণ অভিযানৰ সৈতে জড়িত কৰে।

এই প্ৰচেষ্টাই পাছলৈ ‘হাৰগিলা আৰ্মী’ নামৰ মহিলাভিত্তিক সংৰক্ষণ আন্দোলনৰ ৰূপ লয়। হাজাৰ হাজাৰ মহিলাই বাহ থকা গছ সংৰক্ষণ, গছপুলি ৰোপণ, নদীৰ পাৰ পৰিষ্কাৰ কৰা আৰু জনসচেতনতা সৃষ্টিৰ কামত জড়িত হয়। লগতে হাৰগিলাৰ নক্সা ব্যৱহাৰ কৰি বয়ন আৰু হস্তশিল্পৰ জৰিয়তে বিকল্প জীৱিকাৰো সৃষ্টি কৰা হৈছে।

সন্মানৰ দীঘলীয়া তালিকা

হাৰগিলা সংৰক্ষণৰ বাবে ড° বৰ্মনে ইতিমধ্যে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে। ২০১৭ চনত তেওঁ Whitley Award আৰু Nari Shakti Puraskar লাভ কৰে। ২০২২ চনত তেওঁ UNEP-ৰ Champion of the Earth সন্মান লাভ কৰে। ২০২৪ চনত লাভ কৰে Whitley Gold Award। ২০২৫ চনত Time আলোচনীৰ Women of the Year তালিকাতো তেওঁৰ নাম অন্তৰ্ভুক্ত হয়।

তেওঁৰ কামৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল—সংৰক্ষণক কেৱল বিজ্ঞানী বা চৰকাৰৰ দায়িত্ব হিচাপে সীমাবদ্ধ নাৰাখি স্থানীয় মহিলাসকলক ইয়াৰ নেতৃত্বৰ অংশীদাৰ কৰি তোলা। এসময়ত অমংগলৰ প্ৰতীক হিচাপে গণ্য কৰা হাৰগিলা আজি অসমৰ গৌৰৱৰ প্ৰতীক।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *