September 20, 2026

Global Assam News

Global and Local Assam News Website

ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰ নতুন তথ্য, মহিলাগৰাকীৰ স্বামীয়ে মুখ খুলিল

ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰ নতুন তথ্য, মহিলাগৰাকীৰ স্বামীয়ে মুখ খুলিল

সমগ্ৰ সমাচাৰ সেৱা 

গুৱাহাটী, ৪ ছেপ্টেম্বৰ :ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰ ঘটনাত একেৰাহে নতুন নতুন তথ্য পোহৰলৈ আহিছে। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ চেম্বাৰত উদ্ধাৰ হৈছিল ডাঃ প্ৰয়াস সিংহলৰ মৃতদেহ। তদন্তত পোহৰলৈ আহিছে যে, অত্যধিক পৰিমাণৰ এনাস্থেচিয়া গ্ৰহণ কৰাৰ ফলতেই চিকিৎসকজনৰ মৃত্যু হৈছিল। ডাঃ প্ৰয়াসে নিজৰ চেম্বাৰত ছেলাইনৰ কেনুলাৰ জৰিয়তে নিজেই এনাস্থেচিয়া লৈছিল বুলি জানিব পৰা গৈছে।

এই ঘটনাৰ পিছত চিকিৎসকগৰাকীৰ পিতৃয়ে অভিযোগ উত্থাপন কৰিছিল যে, এগৰাকী মহিলাই ডাঃ প্ৰয়াস সিংহলক দীঘলীয়া সময় ধৰি তীব্ৰ মানসিক হাৰাশাস্তি চলাই আহিছিল। পিতৃৰ মতে, এই মানসিক অত্যাচাৰৰ বাবেই ডাঃ প্ৰয়াসে আত্মহত্যাৰ পথ বাচি লৈছিল।

এই অভিযোগৰ সন্মুখত এতিয়া মুখ খুলিছে মহিলাগৰাকীৰ স্বামীয়ে। তেওঁ কয়, ‘‘মই ২০২৫ চনৰ জুলাই মাহত নেমকেয়াৰ হাস্পতালত চিকিৎসা কৰিবলৈ গৈছিলো আৰু তেতিয়া ডাঃ প্ৰয়াসে মোক চিকিৎসা কৰিছিল। সেই সময়ত মোৰ পত্নীক লগত লৈ গৈছিলো আৰু তেতিয়াই তেওঁলোকৰ মাজত ফোনত বাৰ্তা আদান-প্ৰদান আৰম্ভ হৈছিল। মই কেতিয়াও ভাবি নাছিলো, তেওঁলোকৰ মাজত এই ধৰণৰ সম্পর্ক থাকিব।’’

এই ঘটনাই অসমৰ চিকিৎসক সমাজত চাঞ্চল্য সৃষ্টি কৰিছে। তদন্ত চলি আছে, আৰু পৰিয়ালৰ অভিযোগ তথা মহিলাৰ স্বামীৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে অধিক তদন্ত আৰম্ভ কৰিছে।

ডাঃ প্ৰয়াস সিংহলৰ মৃত্যু আত্মহত্যা নে অন্য কোনো কাৰণ, এই সন্দৰ্ভত সকলো দিশৰ পৰা তদন্ত চলি আছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *