Global Assam News

Global and Local Assam News Website

অষ্ট্ৰেলিয়া: শিক্ষা সহযোগিতাৰ বাবে ভিক্টোৰিয়াৰ গভৰ্ণৰৰ সৈতে মোদীৰ বৈঠক

অষ্ট্ৰেলিয়া: শিক্ষা সহযোগিতাৰ বাবে ভিক্টোৰিয়াৰ গভৰ্ণৰৰ সৈতে মোদীৰ বৈঠক
  • মোদীৰ ভিক্টোৰিয়া গভৰ্ণৰৰ সৈতে শিক্ষা সহযোগিতাৰ বৈঠক
  • ৫৯,০০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰী ভিক্টোৰিয়াত অধ্যয়নকাৰী
  • একাডেমিক, গৱেষণা আৰু ছাত্ৰ আদান-প্রদানত গুৰুত্ব
  • ভাৰত-অষ্ট্ৰেলিয়া দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বৰ বিস্তাৰ

সমগ্ৰ সমাচাৰ সেৱা

ক্যানবৰা/মেলবাৰ্ণ,  ৯ জুলাই :অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভিক্টোৰিয়াৰ গভৰ্ণৰ প্ৰফেছৰ মাৰ্গাৰেট গাৰ্ডনৰ সৈতে মেলবাৰ্ণত দ্বিপাক্ষিক বৈঠকত মিলিত হন। এই বৈঠকত ভাৰত-ভিক্টোৰিয়া শিক্ষা সহযোগিতা, একাডেমিক সহযােগিতা, গৱেষণা, আৰু ছাত্ৰ-ছাত্ৰী আদান-প্রদান অধিক গভীৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

ভাৰতীয় কনস্যুলেটৰ তথ্য অনুসৰি, ভিক্টোৰিয়াত বৰ্তমানে প্ৰায় ৫৯,০০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰি আছে, যি অষ্ট্ৰেলিয়াৰ ভিতৰত আটাইতকৈ বেছি। মেনেজমেন্ট, তথ্য প্ৰযুক্তি, ইঞ্জিনিয়াৰিং, স্বাস্থ্যবিধি, খাদ্য, আতিথ্য, বেক্তিগত সেৱা আদিত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বিশেষ আগ্ৰহ।

দুয়ো পক্ষই গৱেষণা, স্কিল ডেভেলপমেন্ট আৰু যুৱ শক্তি বিকাশৰ ক্ষেত্ৰত অধিক সহযোগিতা বঢ়োৱাৰ সিদ্ধান্ত লয়। মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনি এলবানিজৰ সৈতে তৃতীয় ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক শিখৰ বৈঠকতো মিলিত হন, য’ত দুয়ো নেতাই সামগ্ৰিক কৌশলগত অংশীদাৰিত্ব, বানিজ্য, খনিজ, পৰিস্কৃত শক্তি, প্ৰযুক্তি, ৰক্ষা, বিজ্ঞান-উদ্ভাৱন, সংস্কৃতি, ক্ৰীড়া, আৰু মানৱিক সম্পৰ্কৰ ওপৰেও আলোচনা কৰে।

বৈঠকৰ অন্তত দুয়ো দেশৰ নেতাই ডিফেন্স আৰু চুৰক্ষাত যৌথ ঘােষণা গ্ৰহণ কৰে, য’ত সমুদ্ৰিক সুৰক্ষা, সন্ত্রাসবাদ প্ৰতিহত, খনিজ সম্পদ, প্ৰযুক্তি বিনিময়, তথা ৰিজিওনাল চুৰক্ষা অধিক মজবুত কৰাৰ লক্ষ্যে বিস্তৃত ফ্ৰেমৱৰ্ক গঠন কৰা হয়।

মোদীয়ে এই অনুষ্ঠানত গাৰ্ড অফ অনাৰ লাভ কৰে আৰু অষ্ট্ৰেলিয়াৰ চৰকাৰৰ পৰা উষ্ম স্বাগতম পায়। শিক্ষা, দক্ষতা, আৰু যুৱ শক্তি বিকাশত ভাৰত-অষ্ট্ৰেলিয়া সম্পর্ক অধিক গভীৰ হোৱাৰ আশা প্ৰকাশ কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *