NRC পুনৰীক্ষণৰ আগতে অসমত লোকপিয়ল ঘোষণা নকৰিবৰ আহ্বান, হিতেশ দেৱ শৰ্মাৰ অমিত শ্বাহলৈ পত্ৰ
- এন আৰ চিৰ পুনৰীক্ষণৰ আগতে অসমত লোকপিয়ল ঘোষণা নকৰিবৰ পৰামৰ্শ
- প্ৰায় ৮০ লাখ বিদেশী লোকপিয়লত অন্তর্ভুক্ত হ’লে অসমীয়া ভাষিক সংখ্যালঘু হোৱাৰ আশংকা
- উচ্চতম ন্যায়ালয়ে এন আৰ চি পুনৰীক্ষণৰ আবেদন গ্ৰহণ কৰিছে
- লোকপিয়ল কেৱল ভাৰতীয় নাগৰিকৰ ওপৰত ভিত্তি কৰি কৰাৰ দাবী
সমগ্ৰ সমাচাৰ সেৱা
অসম , ৮ জুলাই : এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক তথা অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া হিতেশ দেৱ শৰ্মাই অসমত লোকপিয়ল (Population Register) ঘোষণা আৰু বিদেশী সমস্যাৰ প্ৰভাৱ সম্পৰ্কে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ সতর্ক কৰি কয়—”সকলো অসমীয়াই বিদেশীক লৈ হ’ব লগা লোকপিয়লৰ বিৰোধিতা কৰা উচিত, নহ’লে অসমীয়া ভাষিক সংখ্যালঘুত পৰিণত হ’ব নিশ্চিত।”
শৰ্মাৰ মতে, সমগ্ৰ দেশতে লোকপিয়ল আৰম্ভ হ’বলৈ গৈছে, কিন্তু অসমত প্ৰায় ৮০ লাখ বিদেশীৰ ওপৰত লোকপিয়ল কৰিলে অসমৰ ধৰ্মীয় আৰু ভাষিক পৰিসৰৰ ভুল প্ৰতিচ্ছবি প্ৰক্ষেপ হ’ব। তেওঁ দাবী কৰে, লোকপিয়ল কেৱল ভাৰতীয় নাগৰিকৰ ওপৰত নিৰ্ভৰ কৰা উচিত।
তেওঁ পত্ৰখনত উল্লেখ কৰিছে—প্রকাশিত এন আৰ চিত বহু অনাকাংক্ষিত বিদেশীৰ নাম সোমাইছে আৰু বহু ভাৰতীয় নাগৰিক বাদ পৰিছে। এন আৰ চিৰ পুনৰীক্ষণৰ আবেদন ইতিমধ্যে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে (WP(C) 740/2025)। সেয়া সম্পূৰ্ণ নোহোৱালৈকে অসমত লোকপিয়ল ঘোষণা অনুচিত বুলি তেওঁ মত প্ৰকাশ কৰিছে।
শৰ্মাই স্পষ্টকৈ কয়—”বাহিৰৰ নাগৰিকক লৈ লোকপিয়ল কৰিলে অসমৰ জনগাঁথনি, ভাষা-সংস্কৃতি আৰু ৰাষ্ট্ৰীয় সুৰক্ষাত বিপৰ্যয় আনিব।” তেওঁ কেন্দ্ৰীয় চৰকাৰক এই ক্ষেত্রত সতর্ক পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।
হিতেশ দেৱ শৰ্মাৰ পত্ৰৰ ভিত্তিত কেন্দ্ৰীয় চৰকারে কি পদক্ষেপ লয়, সেয়া আগন্তুক সময়তে লক্ষ্যণীয় হ’ব।
