মানৱ দাসে অল আছাম বক্সিঙত ৰূপৰ পদক অৰ্জন
- ঢেকীয়াজুলি বক্সিং একাডেমীৰ মানৱ দাসে অল আছাম ছাব-জুনিয়ৰ আন্তঃজিলা বক্সিঙত ৰূপৰ পদক লাভ
- মানৱ দাসে মৰিগাঁও জিলাৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়
- SSA-ৰ পাৰ্থ প্ৰতিম বৰুৱাৰ বিৰুদ্ধে ফাইনেলত ২-৩ পইণ্টৰ ব্যৱধানত পৰাজিত
- বক্সিং একাডেমীয়ে মানৱ দাসক অভিনন্দন জনায়
সমগ্র সমাচাৰ সেৱা
ঢেকীয়াজুলি, ১১ জুলাই :৬ জুলাইৰ পৰা ১০ জুলাইলৈ দেৰগাঁৱত অনুষ্ঠিত হোৱা ৪৬সংখ্যক অল আছাম ছাব-জুনিয়ৰ আন্তঃজিলা ল’ৰা-ছোৱালী বক্সিং চেম্পিয়নশ্বিপত ঢেকীয়াজুলি বক্সিং একাডেমীৰ প্ৰতিভাৱান বক্সাৰ মানৱ দাসে উল্লেখযোগ্য সাফল্য লাভ কৰিছে। মানৱ দাসে মৰিগাঁও জিলাৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় আৰু একাধিক ৰাউণ্ডত উৎকৃষ্ট প্ৰদৰ্শন কৰে।
ফাইনেল মেচত SSA-ৰ পাৰ্থ প্ৰতিম বৰুৱাৰ বিৰুদ্ধে মানৱে তীব্ৰ প্ৰতিদ্বন্দিতাৰ মাজত ২-৩ পইণ্টৰ ব্যৱধানত পৰাজিত হয় যদিও, তেওঁ ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হয়। মানৱ দাসৰ এই কৃতিত্বে ঢেকীয়াজুলি বক্সিং একাডেমী আৰু মৰিগাঁও জিলা দললৈ গৌৰৱ কঢ়িয়াই আনিছে।
তেওঁৰ এই সাফল্যৰ বাবে ঢেকীয়াজুলি বক্সিং একাডেমীয়ে মানৱ দাসক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।
এই প্ৰতিযোগিতাত মানৱ দাসৰ সাফল্যই কিশোৰ বক্সাৰসকলৰ মাজত অধিক উদ্যম আৰু অনুপ্ৰেৰণা যোগাব বুলি আশা কৰা হৈছে।
