Global Assam News

Global and Local Assam News Website

অসমত ছিখ সম্প্ৰদায়ৰ ২০৪ বছৰ উদযাপন চপৰমুখত

অসমত ছিখ সম্প্ৰদায়ৰ ২০৪ বছৰ উদযাপন চপৰমুখত
  • অসমত ছিখ সম্প্ৰদায়ৰ ২০৪ বছৰীয়া ইতিহাস উদযাপন চপৰমুখত অনুষ্ঠিত হ’ব
  • ৩ দিনীয়া অনুষ্ঠান অক্টোবৰত আয়োজন; মুখ্যমন্ত্ৰীক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ
  • অনুষ্ঠানত আহোম যুগত অহা প্ৰথম ছিখ সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন
  • অনুষ্ঠানৰ আয়োজন অ’খোমীয়া ছিখ সংস্থাৰ উদ্যোগত

 সমগ্র সমাচাৰ সেৱা
ৰহা, ১১ জুলাই :চপৰমুখৰ ছিখ গাঁও অসমত ছিখ সম্প্ৰদায়ৰ জন্মস্থান ৰূপে পৰিগণিত। এইবাৰ অসমত ছিখ সম্প্ৰদায়ৰ ২০৪ বছৰীয়া ইতিহাসৰ গৌৰৱ উদযাপন কৰিবলৈ চপৰমুখত তিনিদিনীয়া অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অ’খোমীয়া ছিখ সংস্থাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছে।

সংস্থাৰ সভাপতি তথা অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ উপ-চেয়াৰমেন ৰাজবীৰ সিংয়ে জনোৱা মতে, মুখ্যমন্ত্ৰীয়ে সময় দিলে অক্টোবৰত অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানত ছিখ সম্প্ৰদায়ৰ ২০৪ বছৰৰ যাত্ৰাৰ লগতে আহোম যুগত প্রথম আহিছিল ছিখ সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব।

চপৰমুখত অনুষ্ঠানস্থল পৰিদৰ্শন কৰাৰ পাছত আৰাজবীৰ সিংয়ে কয়, “এই গৌৰৱময় মুহূর্তত মুখ্যমন্ত্ৰীয়ে উপস্থিত থাকিব বুলি আশা কৰা হৈছে। ছিখ সম্প্ৰদায়ৰ ইতিহাস আৰু একতা উদযাপন আমাৰ বাবে বিশেষ গৌৰৱ।”

এই অনুষ্ঠানৰ জড়িয়তে অসমত ছিখ সমাজৰ ঐতিহ্য, সংস্কৃতি আৰু অবদান নতুন প্ৰজন্মলৈ প্ৰেৰণ কৰাৰ লক্ষ্য ৰখা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *