Global Assam News

Global and Local Assam News Website

মুখ্যমন্ত্ৰীৰ পদক্ষেপত মধুপুৰ সত্ৰ বেদখলমুক্তিৰ দাবী সত্ৰাধিকাৰসকলৰ

মুখ্যমন্ত্ৰীৰ পদক্ষেপত মধুপুৰ সত্ৰ বেদখলমুক্তিৰ দাবী সত্ৰাধিকাৰসকলৰ
  • মধুপুৰ সত্ৰৰ সৰ্বাংগীন উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ পদক্ষেপৰ ঘোষণা
  • সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ আৰু ডেকা সত্ৰাধিকাৰে চৰকাৰৰ সদিচ্ছাক উষ্ম আদৰণি
  • সত্ৰসমিতিৰ সন্তুষ্টি, সত্ৰৰ বহু বিঘা ভূমি বেদখলৰ সমস্যা সমাধানৰ অনুরোধ
  • সত্ৰখন কোচবিহাৰ জিলাৰ ভিতৰত অৱস্থিত যদিও সত্ৰীয়া সমাজত গভীৰ প্ৰভাৱ

সমগ্র সমাচাৰ সেৱা,

ধুবুৰী, ১৭ জুলাই:পবিত্ৰ তীৰ্থভূমি, অসমীয়া সত্ৰীয়া সংস্কৃতিৰ অন্যতম পীঠস্থান, কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সৰ্বাংগীন উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত বিশেষ পদক্ষেপৰ কথা ঘোষণা কৰাৰ পাছতে সত্ৰ পৰিচালনা সমিতি আৰু সত্ৰাধিকাৰসকলে চৰকাৰৰ সদিচ্ছাক গভীৰ আস্থা আৰু উষ্ম আদৰণি জনাইছে।

বুঢ়া সত্ৰাধিকাৰ শ্ৰী শ্ৰী পিতাম্বৰ ভকতে কয়, চৰকাৰৰ সদিচ্ছাই মধুপুৰ সত্ৰৰ বহুদিনীয়া সমস্যা সমাধানত সহায় কৰিব। ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী মাধৱ দেৱ মহন্তেও সদিচ্ছাক আদৰণি জনাই, সত্ৰৰ বহু বিঘা ভূমি বেদখলকাৰীৰ কবলত থকা সমস্যাটোৰও উল্লেখ কৰে। তেওঁ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক অনুৰোধ জনাই, উন্নয়নমূলক কামৰ লগতে সত্ৰৰ বেদখল ভূমি উদ্ধাৰৰ ক্ষেত্ৰতো কার্যকর পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে।

মধুপুৰ সত্ৰ পশ্চিমবংগৰ কোচবিহাৰ জিলাত অৱস্থিত যদিও, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্রয়াণভূমি হিচাপে অসমীয়া সংস্কৃতিৰ সৈতে গভীৰভাৱে জড়িত। সত্ৰখনৰ সম্পূৰ্ণ দায়িত্ব ধুবুৰী জিলা প্ৰশাসনৰ ওপৰত অর্পণ কৰা হৈছে।

সত্ৰাধিকাৰদ্বয়ৰ আশা, মুখ্যমন্ত্ৰীৰ সদিচ্ছা আৰু জিলা প্ৰশাসনৰ সক্ৰিয়তাত সত্ৰৰ ভূমি বেদখলমুক্ত হৈ সত্ৰখন এক নতুন ৰূপত পৰিণত হ’ব।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *