Global Assam News

Global and Local Assam News Website

জামুগুৰিহাট : ব্ৰজ্ৰপাতত কৃষকৰ মৃত্যু ৭২ ঘণ্টা চৰকাৰৰ অৰ্থিক সহায়

  • জামুগুৰিহাটৰ কাঠৰবাৰী পথাৰত ব্ৰজ্ৰপাতত কৃষক গোপাল শইকীয়াৰ মৃত্যু
  • মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবেদনশীল নেতৃত্বত, ৭২ ঘণ্টাৰ আগতেই ৪ লাখ টকাৰ চৰকাৰী অনুদান
  • বিধায়ক পদ্ম হাজৰিকাই মৃত কৃষকৰ পৰিয়াললৈ সহানুভূতি আৰু সহায়ৰ আশ্বাস
  • অসম চৰকাৰৰ নিয়ম অনুসৰি প্ৰাকৃতিক দুৰ্যোগত দ্ৰুত আৰ্থিক সাহায্য নিশ্চিত

সমগ্র সমাচাৰ সেৱা,

জামুগুৰিহাট, ১৭ জুলাই:জামুগুৰিহাটত সংঘটিত এক অতি শোকাবহ ঘটনাৰ পাছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে ইয়াৰ সঁহাৰি আৰু সংবেদনশীলতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। ব্ৰজ্ৰপাত পৰি কৰুণভাৱে প্ৰাণ হেৰুওৱা জামুগুৰিহাটৰ এজন দুৰ্ভগীয়া কৃষক গোপাল শইকীয়াৰ পৰিয়ালক চৰকাৰী নিৰ্দেশনা অনুসৰি ৭২ ঘণ্টা সম্পূৰ্ণ হোৱাৰ পূৰ্বেই আৰ্থিক সাহায্য প্ৰদান কৰা হয়।

উল্লেখ্য যে, যোৱা ১৫ জুলাইৰ পুৱা জামুগুৰিহাটৰ কাঠৰবাৰী পথাৰত এই কৰুণ ঘটনাটো সংঘটিত হৈছিল। মুঢ়াদল গাঁৱৰ বাসিন্দা, নিষ্ঠাৱান কৃষক গোপাল শইকীয়াই পথাৰত খেতিৰ কাম কৰি থকা অৱস্থাতে হঠাতে বিজুলী-ধেৰেকণিৰ সৈতে এজাক ধাৰাষাৰ বৰষুণ আহে আৰু তেতিয়াই তেওঁৰ ওপৰত ব্ৰজ্ৰপাত পৰে। স্থানতে তেওঁৰ মৃত্যু ঘটে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছিল।

অসম চৰকাৰৰ শেহতীয়া নিয়ম অনুসৰি, ব্ৰজ্ৰপাত বা তেনে প্ৰাকৃতিক দুৰ্যোগত কোনো লোকৰ মৃত্যু হ’লে জিলা প্ৰশাসন আৰু স্থানীয় জনপ্ৰতিনিধিয়ে সৰ্বাধিক ৭২ ঘণ্টাৰ ভিতৰত ভুক্তভোগী পৰিয়ালক চৰকাৰী আৰ্থিক সাহায্য নিশ্চিত কৰিব লাগে। সেই অনুসৰি শুকুৰবাৰে নদুৱাৰ বিধায়ক পদ্ম হাজৰিকাই মৃত কৃষক গোপাল শইকীয়াৰ গাঁৱত উপস্থিত হৈ, চতিয়া ৰাজহ চক্ৰৰ বিষয়াক লগত লৈ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে আৰু অসম চৰকাৰৰ তৰফৰ পৰা এককালীন অনুদান হিচাপে ৪ লাখ টকাৰ চেক হস্তান্তৰ কৰে।

বিধায়ক হাজৰিকাই সংবাদমাধ্যমত কয়—“প্ৰাকৃতিক দুৰ্যোগে কাঢ়ি নিয়া এইগৰাকী কৃষকৰ বিয়োগ আমাৰ বাবে অপূৰণীয় ক্ষতি। মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ৭২ ঘণ্টাৰ ভিতৰতে পৰিয়ালটোক চৰকাৰী সাহায্য আগবঢ়াইছোঁ। কেৱল এই আৰ্থিক সাহায্যেই নহয়, অনাগত দিনতো পৰিয়ালটোক চম্ভালিবলৈ চৰকাৰী আৰু ব্যক্তিগতভাৱে যাৱতীয় সহায়-সহযোগিতা আগবঢ়াই যাম।”

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *