November 22, 2026

Global Assam News

Global and Local Assam News Website

অসমত ছেমিকণ্ডাক্টৰ কেন্দ্ৰ স্থাপন কৰিব IIT গুৱাহাটী আৰু টাটাই
  • শাসন ব্যৱস্থাত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ আহ্বান।

  • FNTA বিধেয়কৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ।

  • লংলেঙত ENWO সম্পদ কেন্দ্ৰ নিৰ্মাণৰ অনুমোদন।

  • শিক্ষা আৰু কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধিৰ ওপৰত গুৰুত্ব।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ৩০ অক্টোবৰ: অসমৰ প্ৰযুক্তি আৰু উদ্যোগিক শিক্ষাৰ ক্ষেত্ৰত এক নতুন সম্ভাৱনাৰ সৃষ্টি কৰি ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT) গুৱাহাটী আৰু টাটা ইলেক্ট্ৰনিকছ প্ৰাইভেট লিমিটেডে ছেমিকণ্ডাক্টৰ প্ৰযুক্তিৰ শিক্ষা, দক্ষতা বিকাশ আৰু গৱেষণাৰ বাবে একেলগে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উদ্দেশ্যে দুয়োটা প্ৰতিষ্ঠানৰ মাজত এখন বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত হৈছে।

এই চুক্তিৰ অধীনত IIT গুৱাহাটীৰ চৌহদত এটা অত্যাধুনিক ছেমিকণ্ডাক্টৰ Centre of Excellence (CoE) স্থাপন কৰা হ’ব। এই পদক্ষেপে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ছেমিকণ্ডাক্টৰ উদ্যোগৰ বাবে দক্ষ মানৱ সম্পদ গঢ়ি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে।

ডিপ্ল’মা আৰু BTech পাঠ্যক্ৰমত বিশেষ প্ৰশিক্ষণ

চুক্তি অনুসৰি IIT গুৱাহাটীয়ে ছেমিকণ্ডাক্টৰ Assembly, Testing, Marking and Packaging (ATMP) প্ৰযুক্তিৰ ওপৰত ডিপ্ল’মা পৰ্যায়ৰ প্ৰশিক্ষণ আৰু BTech পৰ্যায়ৰ অভিযান্ত্ৰিক পাঠ্যক্ৰম প্ৰস্তুত আৰু পৰিচালনা কৰিব। এই পাঠ্যক্ৰমত শ্ৰেণীকোঠাৰ শিক্ষাৰ লগতে ব্যৱহাৰিক প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব।

ইয়াৰ উপৰি অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু পলিটেকনিক প্ৰতিষ্ঠানসমূহক এই কাৰ্যসূচীৰ সৈতে জড়িত কৰা হ’ব। শিক্ষকসকলৰ বাবেও বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব। শিক্ষাৰ্থীসকলে টাটা ইলেক্ট্ৰনিকছৰ প্ৰতিষ্ঠানত হাতে-কামে কাম শিকাৰ সুযোগ লাভ কৰিব।

জাগীৰোডৰ ছেমিকণ্ডাক্টৰ উদ্যোগলৈ দক্ষ কৰ্মীৰ যোগান

টাটা ইলেক্ট্ৰনিকছৰ জাগীৰোডত নিৰ্মাণ হ’বলগীয়া ২৭,০০০ কোটি টকাৰ ছেমিকণ্ডাক্টৰ এছেম্বলি আৰু টেষ্টিং প্ৰকল্পৰ সৈতে এই সহযোগিতাই বিশেষ গুৰুত্ব বহন কৰিছে। এই প্ৰকল্পৰ প্ৰয়োজনীয়তা অনুসৰি দক্ষ কৰ্মশক্তি গঢ়ি তোলাত নতুন কেন্দ্ৰটোৱে সহায় কৰিব বুলি আশা কৰা হৈছে।

IIT গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেবেন্দ্ৰ জালিহালে কয় যে এই পদক্ষেপে শিক্ষানুষ্ঠান, উদ্যোগ আৰু শিক্ষাৰ্থীসকলক বিশেষ প্ৰশিক্ষণ, ব্যৱহাৰিক শিক্ষা আৰু যৌথ গৱেষণাৰ জৰিয়তে সংযোগ কৰিব।

এই সহযোগিতাৰ জৰিয়তে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীসকলেও ছেমিকণ্ডাক্টৰ পেকেজিং, এছেম্বলি আৰু পৰীক্ষণ প্ৰযুক্তিৰ ক্ষেত্ৰত যৌথ গৱেষণাৰ সুযোগ লাভ কৰিব।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *