November 22, 2026

Global Assam News

Global and Local Assam News Website

হোটেল বিলাস ইন কাণ্ড: অপৰাধস্থলীৰ পুনৰ্নিৰ্মাণ সম্পন্ন
  • সৌকুছিৰ ভাড়াঘৰত আৰক্ষীৰ তালাচী।

  • ঋণ আৰু ব্যৱসায়িক লীজৰ নথি জব্দ।

  • আৰ্থিক লেনদেনৰ তথ্য পৰীক্ষা আৰক্ষীৰ।

  • বিলাস ইন গুলীচালনাৰ ঘটনাৰ SIT তদন্ত অব্যাহত।

গুৱাহাটী, ৩০ অক্টোবৰ: গুৱাহাটীৰ বৰা চাৰ্ভিচস্থিত বিলাস ইন হোটেলৰ গুলীচালনাৰ ঘটনাৰ তদন্তত নতুন তথ্য পোহৰলৈ আহিছে। মূল অভিযুক্ত গহনকান্ত গগৈৰ সৌকুছিস্থিত ভাড়াঘৰত তালাচী চলাই আৰক্ষীয়ে ঋণ আৰু ব্যৱসায় সম্পৰ্কীয় কেইবাখনো গুৰুত্বপূৰ্ণ নথি জব্দ কৰিছে।

আৰ্থিক লেনদেনৰ তথ্য পৰীক্ষা আৰক্ষীৰ

তদন্তকাৰী দলটোৱে জব্দ কৰা নথিসমূহৰ ভিতৰত গগৈয়ে গ্ৰহণ কৰা বিভিন্ন ঋণ আৰু লীজত লোৱা ব্যৱসায়িক প্ৰতিষ্ঠানৰ নথি আছে বুলি জানিব পৰা গৈছে। এই নথিসমূহ পৰীক্ষা কৰি তেওঁৰ আৰ্থিক লেনদেন আৰু ব্যৱসায়িক কাৰ্যকলাপৰ বিষয়ে অধিক তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে আৰক্ষীয়ে।

আৰক্ষীৰ জিম্মাত অস্বাভাৱিক আচৰণ

ইফালে, আৰক্ষীৰ জিম্মাত গহনকান্ত গগৈৰ আচৰণক লৈও চৰ্চা চলিছে। তদন্তকাৰীৰ প্ৰশ্নৰ উত্তৰ দিয়াত তেওঁ সহযোগিতা কৰা নাই বুলি জানিব পৰা গৈছে। আনকি তেওঁ খাদ্য গ্ৰহণ কৰিবলৈও অস্বীকাৰ কৰাৰ লগতে বহু কথা পাহৰি যোৱাৰ দৰে আচৰণ কৰা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

উল্লেখ্য যে, ২৬ অক্টোবৰত গুৱাহাটীৰ বৰা চাৰ্ভিচস্থিত বিলাস ইন হোটেলত সংঘটিত গুলীচালনাৰ ঘটনাত পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন লোক আহত হৈছিল। ঘটনাটোৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী দলে (SIT) বিভিন্ন তথ্য-প্ৰমাণ পৰীক্ষা আৰু সংশ্লিষ্ট লোকক সোধা-পোছা অব্যাহত ৰাখিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *