গুৱাহাটী প্লাবন ৰোধত বছৰি ড্ৰেন নিৰ্মল, কুইক ৰেস্পন্স টিম গঠন
- গুৱাহাটীৰ প্লাবন সমস্যা সমাধানত বছৰি ড্ৰেন পরিষ্কাৰ আৰু দেশিল্টিংৰ সিদ্ধান্ত
- অঞ্চলভিত্তিক কুইক ৰেস্পন্স টিম (QRT) গঠন, বতৰ বিশেষত তৎপৰতা
- অসময়ে কাম শেষ নকৰা ঠিকাদাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
- জলাবদ্ধতা প্ৰতিৰোধত আন্তঃবিভাগীয় সমন্বয় আৰু দীঘলীয়া ব্যৱস্থা গ্ৰহণ
সমগ্র সমাচাৰ সেৱা,
গুৱাহাটী,১৭ জুলাই:গুৱাহাটীত বৃষ্টিপাতৰ ফলত মালিগাঁও, কাহিলিপাৰা সহ বহু অঞ্চলত পুনৰ জলাবদ্ধতা দেখা দিয়া পিচত চৰকাৰে মিছন ফ্লাড ফ্ৰী গুৱাহাটী পৰ্যালোচনা কৰে। হাউজিং আৰু আৰবান এফেয়াৰ্ছ মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জলাবদ্ধতা ৰোধৰ বাবে তৎকালীন আৰু দীঘলীয়া ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়।
মন্ত্ৰীয়ে সকলো বিভাগক বছৰি ড্ৰেন আৰু নালা পৰিষ্কাৰ-দেশিল্টিংক নিয়মিত কাম হিচাপে গ্ৰহণৰ নিৰ্দেশ দিয়ে। বিৰতিহীন পৰিষ্কাৰ আৰু ৰক্ষণাবেক্ষণে নগৰৰ ড্ৰেনেজ নেটৱৰ্কক অধিক কার্যক্ষম কৰি বৰষুণৰ সময়ত জলাবদ্ধতা কমাবলৈ সহায় কৰিব।
সাথে-সাথে, অঞ্চলভিত্তিক কুইক ৰেস্পন্স টিম (QRT) গঠন, জলাবদ্ধতা বা বিপদকালীন পৰিস্থিতিত তৎলৈকে পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়া হয়। কাম সম্পূৰ্ণ নকৰা ঠিকাদাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈও নির্দেশনা দিয়া হৈছে।
বৈঠকত গুৱাহাটীৰ মুখ্য ড্ৰেনেজ চেনেল, পাম্পিং আৰু ডিউয়াটাৰিং ব্যৱস্থা, চলি থকা প্ৰকল্প আৰু আন্তঃবিভাগীয় সমন্বয়ৰ পৰ্যালোচনা কৰা হয়। গুৱাহাটীৰ জলাবদ্ধতা প্ৰতিৰোধত চৰকাৰে আন্তঃবিভাগীয় সমন্বয়, নিয়মিত পৰিষ্কাৰ আৰু দীঘলীয়া পৰিকল্পনাত গুৰুত্ব দিব বুলিও জানোৱা হয়।
বৈঠকত Housing & Urban Affairs, GMC, GMDA, AUIDFCL, NHAI, Water Resources, PWD, APDCL, Oil India, NFR, বন বিভাগ আৰু সংশ্লিষ্ট বিভাগসমূহৰ অধিকারীয়ে অংশগ্ৰহণ কৰে।
