মানুহ-হাতী সংঘাতত ৭২ ঘণ্টাত ৬ লাখ টকা ক্ষতিপূৰণ অঞ্চলভিত্তিক ৰণনীতি ঘোষণা
- হাতীৰ আক্ৰমণত মৃত্যুবৰণ কৰা পৰিয়ালক ৭২ ঘণ্টাত ৬ লাখ টকা ক্ষতিপূৰণ
- বনাঞ্চল পুনৰুদ্ধাৰ আৰু অঞ্চলভিত্তিক বিশেষ ব্যৱস্থা গ্ৰহণৰ ঘোষণা
- লাগতিয়াল স্থানসমূহত ছ’লাৰ ফেন্সিং, বায়ো-ফেন্সিং আৰু ড্ৰোনেৰে বনসৃজন
- বান্দৰ উৎপাতৰ ক্ষেত্ৰত ফলমূলৰ গছ ৰোপন আৰু বান্দৰ জন্ম নিয়ন্ত্ৰণৰ পৰামৰ্শ
সমগ্র সমাচাৰ সেৱা,
গুৱাহাটী, ১৬ জুলাই:অসম চৰকাৰে ৰাজ্যজুৰি বৃদ্ধি পাব ধৰিছে মানুহ-হাতী সংঘাতৰ সমস্যা সমাধানৰ বাবে দুটা দিশৰ ৰণনীতি ঘোষণা কৰিছে। গৃহহীন বা মৃত্যু হোৱা পৰিয়ালক ৭২ ঘণ্টাৰ ভিতৰত ৬ লাখ টকা এক্স গ্ৰেচিয়া ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত লৈছে। লগতে, হাতী-মানুহ সংঘাত কমাবলৈ দীঘলীয়া আৰু অঞ্চলভিত্তিক ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰা হৈছে।
বিশেষকৈ দক্ষিণ কামৰূপৰ পলাশবাৰী, ৰাণী, লোহাৰঘাট, গৰ্ভাঙ্গা, দেৱপানী, বাটাৰহাট, পৰাকুচি, নাগিৰা আদিত হাতীৰ আক্ৰমণত বহু মৃত্যু, ঘৰ আৰু খেতি-খামাৰ নষ্ট হোৱা ঘটনাই তীব্ৰ চিন্তা সৃষ্টি কৰিছে। এই অঞ্চলসমূহত ক্ষতিগ্ৰস্ত পৰিয়ালে ৩ দিনৰ ভিতৰত ক্ষতিপূৰণ পোৱাৰ খবৰ স্বস্তিৰে গ্ৰহণ কৰিছে।
বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিধায়ক, মন্ত্ৰী আৰু জিলা কৰ্তৃপক্ষৰ সৈতে বৈঠকত মানৱ-হাতী সংঘাত আৰু বান্দৰ উৎপাতৰ স্থায়ী আৰু তৎকালীন সমাধানৰ ওপৰত আলোচনা কৰে। তেওঁ কয়, বছৰি প্ৰায় ১৫০ জন মানুহ হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱায় আৰু কৃষকৰ উপাৰ্জন ঘাটিত পৰে।
চৰকাৰে বৃহৎ বনাঞ্চল সৃষ্টিৰ বাবে ড্ৰোনেৰে বনাঞ্চলত বীজ সিঁচনি, বিভিন্ন সংগঠনৰ সহায়ত মিছন মডত বনসৃজন আৰু হাতীৰ বাবে উপযুক্ত গছৰ বাগিচা সৃষ্টি কৰিব। অঞ্চলবিশেষত ছ’লাৰ ফেন্সিং, বায়ো-ফেন্সিং আদিত গুৰুত্ব দিয়া হ’ব।
বান্দৰ উৎপাতৰ ক্ষেত্ৰত ফলমূল গছৰ ৰোপণ আৰু বিজ্ঞানসম্মতভাৱে বান্দৰৰ জন্ম নিয়ন্ত্ৰণৰ পৰামৰ্শ দিয়া হৈছে।
২১ জুলাইৰ ভিতৰত বিধায়কসকলে মতামত জমা দিয়াৰ পাছত, বিশেষজ্ঞৰ লগত আলোচনা কৰি সম্পূৰ্ণ SOP প্ৰস্তুত কৰা হ’ব।
