November 22, 2026

Global Assam News

Global and Local Assam News Website

কাজিৰঙা দুৰ্ঘটনাৰ ক্ষতিগ্ৰস্তলৈ ২০ লাখ টকাৰ সাহায্যৰ দাবী
  • নিহতৰ পৰিয়াললৈ ২০ লাখ টকাৰ ক্ষতিপূৰণৰ দাবী।

  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ।

  • আহতসকলৰ বিনামূলীয়া চিকিৎসাৰ আহ্বান।

  • NH-715ৰ সুৰক্ষা ব্যৱস্থাৰ নিৰপেক্ষ তদন্তৰ দাবী।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ১৫ নৱেম্বৰ: কাজিৰঙাৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ২৬গৰাকী লোকৰ পৰিয়াললৈ কমেও ২০ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে অসম কংগ্ৰেছৰ নেতা দেৱব্ৰত শইকীয়াই। দেওবাৰে প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত তেওঁ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে অতিৰিক্ত আৰ্থিক সাহায্য, বিনামূলীয়া চিকিৎসা আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

উল্লেখ্য যে ১৩ নৱেম্বৰত কাজিৰঙাৰ ৰঙাজানত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাহন আৰু এখন কণ্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ২৬গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো আহত হৈছিল।

ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থাক লৈ প্ৰশ্ন

দুৰ্ঘটনাস্থলী পৰিদৰ্শন আৰু আহতসকলৰ সৈতে সাক্ষাৎ কৰাৰ পিছত শইকীয়াই ৰাষ্ট্ৰীয় ঘাইপথ-৭১৫ৰ শোচনীয় অৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ পথটোৰ নিৰ্মাণ, ৰক্ষণাবেক্ষণ, যান-বাহন নিয়ন্ত্ৰণ আৰু সুৰক্ষা ব্যৱস্থাৰ নিৰপেক্ষ পৰীক্ষাৰ দাবী জনায়।

তেওঁৰ মতে, কেৱল বাহনৰ চালকক দায়ী কৰিলেই নহ’ব, পথ সুৰক্ষাৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ দায়বদ্ধতাও নিৰ্ধাৰণ কৰিব লাগিব।

বিনামূলীয়া চিকিৎসা আৰু বিশেষ তদন্তৰ দাবী

শইকীয়াই নিহতসকলৰ পৰিয়াললৈ বৰ্তমান ঘোষণা কৰা ৯ লাখ টকাৰ সাহায্যসহ মুঠ কমেও ২০ লাখ টকা প্ৰদানৰ দাবী জনায়। একাধিক সদস্য হেৰুওৱা পৰিয়ালৰ বাবে অতিৰিক্ত সাহায্য, আহতসকলৰ বিনামূলীয়া চিকিৎসা, পুনৰ্বাসন আৰু জীৱিকাৰ সহায়ো বিচাৰে।

ইয়াৰ উপৰি কাজিৰঙা অঞ্চলত উন্নত ট্ৰমা কেয়াৰ কেন্দ্ৰসহ এখন চৰকাৰী বহুবিশেষজ্ঞ চিকিৎসালয় স্থাপন, ৰাষ্ট্ৰীয় ঘাইপথৰ সুৰক্ষা নিৰীক্ষণ আৰু দুৰ্ঘটনাটোৰ নিৰপেক্ষ তদন্তৰ দাবী উত্থাপন কৰে। কাজিৰঙাৰ বন্যপ্ৰাণী কৰিডৰসমূহৰ সুৰক্ষা আৰু স্থানীয় লোকসকলৰ জীৱিকাৰ বিষয়টোও তেওঁ প্ৰধানমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *