November 22, 2026

Global Assam News

Global and Local Assam News Website

কেৰালাত কন্যা হত্যাৰ অভিযোগত অসমৰ যুৱক গ্ৰেপ্তাৰ

কেৰালাত কন্যা হত্যাৰ অভিযোগত অসমৰ যুৱক গ্ৰেপ্তাৰ
  • কেৰালাত অসমৰ ২৭ বছৰীয়া যুৱক গ্ৰেপ্তাৰ।

  • দুই বছৰীয়া কন্যাক হত্যাৰ অভিযোগ।

  • চিকিৎসকৰ সন্দেহৰ পিছতে আৰক্ষীৰ তদন্ত আৰম্ভ।

  • অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ১৫ নৱেম্বৰ: কেৰালাৰ আলাপ্পুঝা জিলাত নিজ দুই বছৰীয়া কন্যাক হত্যাৰ অভিযোগত অসমৰ এগৰাকী ২৭ বছৰীয়া যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ধৃত যুৱকজনৰ নাম পৰিতোষ মণ্ডল। তেওঁ গুৱাহাটীৰ সমীপৱৰ্তী বুৰেগাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। নিহত শিশুটিৰ নাম দীপিকা।

আৰক্ষীৰ তথ্য অনুসৰি, শনিবাৰে নিশা প্ৰায় ১০ বজাত মংকমকুঝিৰ ভাড়াঘৰত এই শোকাৱহ ঘটনা সংঘটিত হয়। অভিযোগ অনুসৰি, নিচাসক্ত অৱস্থাত ঘৰলৈ উভতি অহা পৰিতোষৰ সৈতে পত্নী ৰোণ্ডৱালাৰ কাজিয়াৰ সূত্ৰপাত হয়। পত্নীয়ে সন্তানকেইটাৰ সৈতে অসমলৈ উভতি অহাৰ ইচ্ছা প্ৰকাশ কৰাক লৈ দুয়োৰে মাজত বিবাদ হৈছিল।

পাৰিবাৰিক বিবাদৰ মাজতে শিশুক আক্ৰমণৰ অভিযোগ

আৰক্ষীৰ অভিযোগ অনুসৰি, কাজিয়াৰ সময়ত পৰিতোষে পত্নীকো আক্ৰমণ কৰিছিল। মাতৃৰ কোলাত থকা কণমানি দীপিকাই কান্দিবলৈ ধৰাত অভিযুক্তই শিশুটিক কাঢ়ি নি মজিয়াত তিনিবাৰ আঘাত কৰে বুলি এজাহাৰত উল্লেখ কৰা হৈছে।

পিছত শিশুটিক মাভেলিকাৰা চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

চিকিৎসকৰ সন্দেহৰ ভিত্তিত আৰক্ষীৰ তদন্ত

প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে শিশুটিয়ে চিৰিৰ পৰা পৰি আঘাত পোৱা বুলি চিকিৎসকক জনাইছিল। কিন্তু শিশুটিৰ শৰীৰত একাধিক আঘাতৰ চিন প্ৰত্যক্ষ কৰি চিকিৎসকে আৰক্ষীক খবৰ দিয়ে।

পৰৱৰ্তী সময়ত আৰক্ষীৰ জেৰাত মাতৃয়ে ঘটনাৰ সবিশেষ বৰ্ণনা কৰে। শিশুটিৰ মাতামহে দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰে। ১৫ নৱেম্বৰৰ পুৱতি নিশা পৰিতোষ মণ্ডলক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্তক আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণৰ প্ৰক্ৰিয়া চলোৱা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *