Global Assam News

Global and Local Assam News Website

গত দুবছৰত অসমৰ পৰা ১,৬৭৯ অবৈধ বাংলাদেশী পঠিওৱা

গত দুবছৰত অসমৰ পৰা ১,৬৭৯ অবৈধ বাংলাদেশী পঠিওৱা

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ১৩ জুলাই: অসম বিধানসভাত AIUDF বিধায়ক বদরুদ্দিন আজমলৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, বিগত দুবছৰত অসমত চিনাক্ত হোৱা ১,৬৭৯জন অবৈধ বাংলাদেশী অভিবাসীক নিজ দেশলৈ পঠিওৱা হৈছে। ২০২৪ চনৰ ১ জুলাইৰ পৰা ২০২৬ চনৰ ৩০ জুনলৈ এই repatriation (প্ৰত্যাবাসন) সম্পন্ন হয়।

মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে, “যোৱা দুবছৰত অসমৰ পৰা ১,৬৭৯জন অবৈধ অভিবাসীক বাংলাদেশলৈ পঠিওৱা হৈছে।” কিছুমান বিদেশীক ‘sent back’, কিছুমানক ‘expulsion’ আৰু কিছুমানক ‘deportation’ ৰ জৰিয়তে পঠিওৱা হয়।

এতিয়া কোনো চিনাক্ত অবৈধ বিদেশীক উচ্চ ন্যায়ালয় বা চুপ্ৰীম কোর্টত আপিল চলি থাকিলে repatriate কৰা নহয় বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

‘Push back’ বা বিদেশী অনুপ্ৰবেশকাৰীৰ ক্ষেত্ৰত কি প্ৰক্ৰিয়া অনুসৰণ কৰা হয়, সেই প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে কয়, নাগৰিকত্ব সম্পৰ্কীয় বিষয় কেন্দ্ৰীয় চৰকাৰৰ অধীনত। ৰাজ্য চৰকাৰে কেন্দ্ৰৰ আইনৰ ধাৰা আৰু নিৰ্দেশ অনুসৰণ কৰে আৰু ব্যক্তি-মানৱ অধিকাৰৰ সংৰক্ষণৰ যথেষ্ট ব্যৱস্থা থাকে।

অসম চৰকাৰে কোনো বিদেশী দেশৰ সৈতে কেন্দ্ৰক উপেক্ষা কৰি সোজাকৈ ব্যৱস্থা নেলে বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *