ৰাইমোনাৰ পৰা বাঘিনী ঘূৰাই নিব পশ্চিম বংগই
-
বক্সাৰ পৰা ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ তিনি বছৰীয়া বাঘিনীৰ।
-
২৩ অক্টোবৰত সংকোশ নদী পাৰ হৈ অসমত প্ৰৱেশ।
-
ৰেডিঅ’ কলাৰৰ জৰিয়তে বাঘিনীটোৰ গতিবিধি নিৰীক্ষণ।
-
বাঘিনীটোক নিৰাপদে ঘূৰাই নিয়াৰ বাবে দুই ৰাজ্যৰ সমন্বয়।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ৩০ অক্টোবৰ: অসমৰ ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা প্ৰায় তিনি বছৰীয়া এটা বাঘিনী পুনৰ পশ্চিম বংগৰ বক্সা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ ঘূৰাই নিয়াৰ বাবে অসম চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে পশ্চিম বংগ চৰকাৰে। শুকুৰবাৰে পশ্চিম বংগৰ বনমন্ত্ৰী মনোজ ওৰাওঁৱে এই কথা প্ৰকাশ কৰে।
উল্লেখ্য যে বিহাৰৰ বাল্মীকি ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰা বাঘিনীটোক আনি যোৱা ২ অক্টোবৰত পশ্চিম বংগৰ আলিপুৰদুৱাৰ জিলাৰ বক্সা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হৈছিল। সংৰক্ষিত বনাঞ্চলখনত পুনৰ স্থায়ী বাঘৰ জনসংখ্যা গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল।
কিন্তু যোৱা ২৩ অক্টোবৰত বাঘিনীটোৱে সংকোশ নদী পাৰ হৈ অসমৰ ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰে। বন বিভাগৰ বিষয়াসকলৰ মতে, উপযুক্ত বাসস্থান আৰু নিজৰ এলেকা বিচাৰি বাঘিনীটোৱে এই যাত্ৰা কৰিছে।
ৰেডিঅ’ কলাৰৰ জৰিয়তে নিৰীক্ষণ বাঘিনীৰ গতিবিধি
বাঘিনীটোৰ গতিবিধি ৰেডিঅ’ কলাৰৰ জৰিয়তে নিৰীক্ষণ কৰি থকা হৈছে। পশ্চিম বংগৰ বনমন্ত্ৰী মনোজ ওৰাওঁৱে জনোৱা অনুসৰি, বাঘিনীটোৰ অৱস্থানৰ তথ্য লাভ কৰা হৈছে আৰু ইয়াক নিৰাপদে ঘূৰাই নিয়াৰ বাবে অসম চৰকাৰৰ সৈতে সমন্বয় চলি আছে। তেওঁ শীঘ্ৰে অসমলৈ আহি এই প্ৰক্ৰিয়াৰ সৈতে জড়িত হোৱাৰ কথাও প্ৰকাশ কৰে।
বাঘিনীটোক ট্ৰেংকুলাইজাৰ বন্দুকৰ সহায়ত অচেতন কৰি স্থানান্তৰ কৰা হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে কোনো ধৰণে বাঘিনীটোৰ শাৰীৰিক ক্ষতি নোহোৱাকৈ নিৰাপদে ঘূৰাই নিয়াৰ সকলো সম্ভাৱ্য উপায় বিচাৰ কৰা হৈছে।
বক্সাত বাঘৰ স্থায়ী বসতি পুনৰ গঢ়াৰ প্ৰচেষ্টা
উল্লেখ্য যে বক্সা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত প্ৰায় এটা দশক ধৰি স্থায়ী বাঘৰ উপস্থিতি নাছিল। ২০২১ চনত পুনৰ তাত বাঘৰ উপস্থিতি ধৰা পৰাৰ পিছত পশ্চিম বংগৰ বন বিভাগে বাঘৰ সংখ্যা বৃদ্ধিৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণ (NTCA) আৰু ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ সহযোগত এই প্ৰকল্প ৰূপায়ণ কৰা হৈছে।
ইফালে, বাঘিনীটোৰ ৰাইমোনালৈ প্ৰৱেশে অসম আৰু পশ্চিম বংগৰ মাজত থকা বনাঞ্চলসমূহৰ পাৰস্পৰিক সংযোগ আৰু বন্যপ্ৰাণীৰ স্বাভাৱিক বিচৰণৰ গুৰুত্ব পুনৰ উন্মোচন কৰিছে।
