খেল মহাৰণ ৩.০ৰ প্ৰতীক আৰু শুভংকৰ উন্মোচন
-
খেল মহাৰণ ৩.০ৰ প্ৰতীক, শুভংকৰ, জাৰ্চি আৰু শীৰ্ষ সংগীত উন্মোচন।
-
৭ নৱেম্বৰৰ পৰা ৰাজ্যজুৰি প্ৰতিযোগিতা আৰম্ভ।
-
আঠটা ক্ৰীড়া শাখাত অনুষ্ঠিত হ’ব প্ৰতিযোগিতা।
-
১২ বছৰৰ তলৰ শিশুৰ বাবে শৈশৱ ক্ৰীড়া সমাৰোহৰ ব্যৱস্থা।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ৩০ অক্টোবৰ: অসমৰ ক্ৰীড়া ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে আয়োজিত খেল মহাৰণৰ তৃতীয় সংস্কৰণৰ প্ৰতীক (Logo), শুভংকৰ (Mascot), জাৰ্চি আৰু শীৰ্ষ সংগীত আনুষ্ঠানিকভাৱে উন্মোচন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত এই সামগ্ৰীসমূহ উন্মোচন কৰা হয়। অনুষ্ঠানত ক্ৰীড়া মন্ত্ৰী বিশ্বজিৎ দৈমাৰীও উপস্থিত থাকে।
অহা ৭ নৱেম্বৰৰ পৰা ৰাজ্যজুৰি খেল মহাৰণ ৩.০ৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হ’ব। এই সংস্কৰণত খেলুৱৈসকলে আঠটা ক্ৰীড়া শাখাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব।
আঠটা ক্ৰীড়া শাখাত অনুষ্ঠিত হ’ব প্ৰতিযোগিতা
খেল মহাৰণ ৩.০ৰ প্ৰতিযোগিতাসমূহ এথলেটিকছ, যোগাসন, দবা, বক্সিং, একুৱাথলন, ফুটবল, ভলীবল আৰু সাঁতোৰত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ প্ৰতীকটো উদীয়মান শিল্পী শান্তনু হাজৰিকাই প্ৰস্তুত কৰিছে।
এইবাৰৰ বিশেষ আকৰ্ষণ হৈছে সোণালী বান্দৰৰ পৰা অনুপ্ৰাণিত হৈ প্ৰস্তুত কৰা শুভংকৰ। মুখ্যমন্ত্ৰীয়ে শুভংকৰটোৰ নাম ‘সোণ্টু’ বুলি উল্লেখ কৰে। এই নামৰ জৰিয়তে জনসাধাৰণৰ মাজত এক সহজ পৰিচিতি আৰু সম্পৰ্ক গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে।
১২ বছৰৰ তলৰ শিশুৰ বাবেও বিশেষ ক্ৰীড়া মঞ্চ
খেল মহাৰণৰ তৃতীয় সংস্কৰণত ১২ বছৰৰ তলৰ শিশুসকলৰ বাবে ‘শৈশৱ ক্ৰীড়া সমাৰোহ’ নামৰ এক বিশেষ প্ৰতিযোগিতাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে কম বয়সৰ পৰাই শিশুসকলৰ মাজত ক্ৰীড়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি আৰু প্ৰতিভা চিনাক্তকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যুৱ খেলুৱৈসকলক প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰাৰ লগতে অসমৰ ক্ৰীড়া ক্ষেত্ৰক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
