যোগমায়া ফেৰীঘাটত ৩৬ বাংলাদেশী নাগৰিক আটক
-
যোগমায়া ফেৰীঘাটত ৩৬জন আটক।
-
হাটশিঙিমাৰীৰ পৰা নাওৰে আহিছিল লোককেইজন।
-
চেন্নাইলৈ যোৱাৰ পৰিকল্পনা থকাৰ সন্দেহ।
-
মধ্যভোগীৰ ভূমিকা সন্দৰ্ভত আৰক্ষীৰ তদন্ত।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ৩০ অক্টোবৰ: ধুবুৰী জিলাৰ যোগমায়া ফেৰীঘাটত আৰক্ষীয়ে অভিযান চলাই ৩৬জন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰিছে। শুকুৰবাৰে চোৰাংচোৱা সূত্ৰৰ পৰা লাভ কৰা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আৰক্ষীয়ে এই অভিযান চলায়।
নাওৰে আহিছিল ধুবুৰীলৈ
প্ৰাথমিক তথ্য অনুসৰি, আটকাধীন লোককেইজনে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ পৰা ব্ৰহ্মপুত্ৰ নদীপথেৰে মটৰচালিত নাওত উঠি ধুবুৰীৰ যোগমায়া ফেৰীঘাটত উপস্থিত হৈছিল। তেওঁলোকৰ পৰৱৰ্তী গন্তব্যস্থান তামিলনাডুৰ চেন্নাই আছিল বুলি জানিব পৰা গৈছে।
ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেবাশিস বৰাই অভিযানৰ কথা নিশ্চিত কৰি জনায় যে, আৰক্ষীয়ে লাভ কৰা নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল। আটকাধীন লোককেইজন বাংলাদেশৰ ৰাজশাহী বিভাগৰ চাপাইনৱাবগঞ্জ জিলাৰ বাসিন্দা বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে।
মধ্যভোগীৰ ভূমিকাৰ সন্দেহ
এই ঘটনাৰ তদন্তৰ সময়ত মিলন নামৰ এজন মধ্যভোগীৰ জৰিয়তে লোককেইজনৰ যাতায়াতৰ ব্যৱস্থা কৰা হৈছিল বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে। অৱশ্যে, তেওঁৰ জড়িত থকাৰ বিষয়টো এতিয়াও নিশ্চিত হোৱা নাই।
আটকাধীন লোককেইজনে কেনেদৰে ভাৰতত প্ৰৱেশ কৰিলে, কোনটো পথেৰে ধুবুৰী পালেহি আৰু এই ঘটনাৰ আঁৰত আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
