হাটীগাঁও হত্যাকাণ্ড: আত্মসমৰ্পণ কৰিলে অভিযুক্ত ৰমানুজ গোস্বামীয়ে
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী,৮ ছেপ্টেম্বৰ :গুৱাহাটীৰ হাটীগাঁও অঞ্চলত ২৫ বছৰীয়া ৰিয়া তালুকদাৰ গোস্বামী হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰমানুজ গোস্বামীয়ে হাটীগাঁও আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণৰ পাছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।
বাছিষ্ঠপুৰ বাইলেনৰ এটা ফ্লেটত ৰিয়াৰ মৃতদেহ উদ্ধাৰৰ ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। প্ৰাথমিক তথ্য অনুসৰি, ৰিয়াৰ মূৰটো কাটি ক’লা পলিথিনত মেৰিয়াই ফ্ৰিজৰ ভিতৰত ৰখাৰ অভিযোগ উত্থাপন হৈছে। লগতে তেওঁৰ আঙুলিও কাটি পেলোৱা হৈছিল বুলি তদন্তত পোহৰলৈ আহিছে।
দুৰ্গন্ধৰ পাছত উদ্ধাৰ মৃতদেহ
ফ্লেটটোৰ পৰা দুৰ্গন্ধ ওলোৱাৰ পাছত ওচৰ-চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পাছতে আৰক্ষীয়ে ফ্লেটটোত অভিযান চলাই ৰিয়াৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনাস্থলীৰ পৰা এখন ধাৰাল অস্ত্ৰ আৰু কেইবাটাও সুৰাৰ বটল উদ্ধাৰ কৰা হয়। ফ্লেটটোৰ ভিতৰত তেজৰ দাগ আৰু সিঁচৰতি হৈ থকা ঘৰুৱা সামগ্ৰীও পোৱা যায়।
ফৰেনছিক পৰীক্ষাৰ প্ৰাথমিক তথ্য অনুসৰি, মৃতদেহ উদ্ধাৰৰ প্ৰায় ২৪ৰ পৰা ৪৮ ঘণ্টা পূৰ্বে হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।
CIDৰো তদন্ত অব্যাহতমৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ (GMCH) প্ৰেৰণ কৰা হৈছে। ফৰেনছিক আৰু ফিংগাৰপ্ৰিণ্ট বিশেষজ্ঞৰ দলে ঘটনাস্থলীৰ পৰা বিভিন্ন তথ্য-প্ৰমাণ সংগ্ৰহ কৰি আছে। CIDয়েও সমান্তৰালভাৱে গোচৰটোৰ তদন্ত চলাইছে।
আৰক্ষীয়ে ৰমানুজক জেৰা কৰি হত্যাকাণ্ডৰ আঁৰৰ কাৰণ আৰু ঘটনাৰ পূৰ্বাপৰ ঘটনা জানিবলৈ চেষ্টা কৰিব। অৱশ্যে বৰ্তমানলৈ হত্যাকাণ্ডৰ সঠিক উদ্দেশ্য স্পষ্ট হোৱা নাই।
ৰমানুজ আৰু ৰিয়াৰ প্ৰায় ছমাহ পূৰ্বে বিবাহ হৈছিল। ৰমানুজ পেছাত এগৰাকী Uber চালক আৰু গৌৰীপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। আনহাতে, ৰিয়া নুনমাটিৰ বাসিন্দা আছিল আৰু ফাঁচীবজাৰৰ AC Marketত থকা এটা বুটিকত কাম কৰিছিল।
