খেত্ৰীৰ ছাত্ৰ মৃত্যুৰ ৰহস্যত নতুন মোৰ, পকেটৰ পৰা উদ্ধাৰ দুটা টোকা
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী,৮ ছেপ্টেম্বৰ : খেত্ৰীত ১৭ বছৰীয়া একাদশ শ্ৰেণীৰ ছাত্ৰ গান্ধীপ লাহন শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্তত নতুন মোৰ আহিছে। দেওবাৰে ডিমৰীয়া সমষ্টিৰ অন্তৰ্গত খেত্ৰী অঞ্চলত নিজ বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ হোৱা ছাত্ৰজনৰ পকেটৰ পৰা আৰক্ষীয়ে দুটা হাতে লিখা টোকা উদ্ধাৰ কৰে।
এটা টোকা ছাত্ৰজনৰ পিতৃ, মাতৃ আৰু ভাতৃৰ উদ্দেশ্যে লিখা বুলি জানিব পৰা গৈছে। আনটো টোকাত ক্ষমা বিচৰা বাৰ্তা আছিল।
টোকা দুটাৰ হাতৰ আখৰক লৈ তদন্ত
প্ৰথম টোকাটোত লিখা আছিল—“এতিয়ালৈকে তোমালোকে কৰা সকলো কামৰ বাবে ধন্যবাদ।” আনটো টোকাত আছিল—“এতিয়ালৈকে মই কৰা সকলো কামৰ বাবে দুঃখিত।”
টোকা দুটা উদ্ধাৰৰ পিছতে আৰক্ষীয়ে হাতৰ আখৰ পৰীক্ষা আৰম্ভ কৰিছে। টোকা দুটা গান্ধীপে নিজে লিখিছিল নে আন কোনো ব্যক্তিয়ে লিখিছিল, সেই কথা নিশ্চিত কৰিবলৈ মৃত ছাত্ৰজনৰ হাতৰ আখৰৰ সৈতে মিলাই চোৱা হৈছে।
সকলো দিশৰ পৰা তদন্ত অব্যাহত
আৰক্ষী আৰু ফৰেনছিক বিশেষজ্ঞই ঘটনাস্থল পৰীক্ষা কৰি ইতিমধ্যে বিভিন্ন সম্ভাব্য প্ৰমাণ সংগ্ৰহ কৰিছে। টোকা দুটাই ছাত্ৰজনৰ মৃত্যুৰ পূৰ্বে সংঘটিত ঘটনাৰ কোনো গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিব পাৰে নেকি, সেই দিশতো তদন্ত চলিছে।
আৰক্ষীয়ে বৰ্তমানলৈ কোনো চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই। মৃত্যুৰ প্ৰকৃত কাৰণ আৰু পৰিস্থিতি নিৰ্ধাৰণ কৰিবলৈ সকলো তথ্য আৰু প্ৰমাণ পৰীক্ষা কৰি তদন্ত অব্যাহত ৰখা হৈছে।
