Global Assam News

Global and Local Assam News Website

গুৱাহাটীত ইত্যাদি বঁটা-২০২৬ প্ৰদানৰ আয়োজন গুৱাহাটী

গুৱাহাটীত ইত্যাদি বঁটা-২০২৬ প্ৰদানৰ আয়োজন গুৱাহাটী

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী,১৩জুলাই ঃ ইত্যাদি উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ শনিবাৰে নতুন কমিটিখন গঠন হয়। দিছপুৰ প্ৰেছ ক্লাৱত দিনৰ ১ বজাত অনুষ্ঠিত হোৱা আৰু সম্পাদক ময়ূৰজিৎ কলিতাই আদৰণি ভাষণেৰে আৰম্ভণি কৰা সাধাৰণ সভাত মঞ্চৰ সকলো প্ৰতিনিধিৰ সৰ্বসন্মতি প্ৰস্তাৱনা মতে সভাপতি হিচাপে ড° শিখামণি বেজবৰুৱা গোস্বামী, কাৰ্যকৰী সভাপতি ৰুণজুন গগৈ, উপ-সভাপতি ক্ৰমে মহেশ্বৰ বৰা, মহেশ্বৰ ৰাজখোৱা, ইনামূল হক,অনিতা চৌধুৰী,মমী দুৱৰা আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মা,কোষাধ্যক্ষ নিভাৰাণী দাস আৰু সহকাৰী সম্পাদক হিচাপে ময়ুৰজিৎ কলিতাক দায়িত্ব অৰ্পণ কৰা হয়।

উল্লেখ্য যে মঞ্চৰ নতুন কমিটি গঠনৰ পূৰ্বে পূৰণি কমিটিৰ কৰ্মৰাজি সম্পৰ্কে সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত কমিটি গঠনত মঞ্চৰ উপদেষ্টা ভূপেন বৰা,মুকুল নাৰায়ণ বৰ্মণকে আদি কৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে।সভাত সংগঠনৰ পঞ্জীয়ন নবীকৰণ,ঠিকনা সলনি আদি বিভিন্ন প্ৰস্তাৱৰ লগতে অহা ৩০ অক্টোবৰত ইত‍্যাদি মঞ্চৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দুদিনীয়া কাৰ্যসূচীৰে ভাওনা,নাটক আৰু অন‍্যান‍্য প্ৰতিয়োগিতাৰ লগতে বিভিন্ন শিতানত ইত‍্যাদি বঁটা প্ৰদান অনুষ্ঠানৰো প্ৰস্তাৱ গ্ৰহণ কৰে।

নিভাৰানী দাসৰ শলাগৰ শৰাইৰে সভাৰ সামৰণি পৰে।উল্লেখ‍্য যে বিগত ২০২৪ বৰ্ষত প্ৰথমবাৰৰ বাবে ইত‍্যাদি বৰাক-ব্ৰহ্মপুত্ৰ সমন্বয় বঁটা প্ৰদান কৰা হৈছিল শিক্ষামন্ত্ৰী ডা: ৰনোজ পেগুক।শিল্পীপ্ৰাণ আৰু যুৱপ্ৰতিভা বঁটা প্ৰদান কৰা হৈছিল ক্ৰমে প্ৰয়াত পংকজ গোস্বামী,ইন্দ্ৰনীল দে’ আৰু চন্দ্ৰমনি গগৈক।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *