লুপ্তপ্ৰায় ‘ঢুলীয়া অনুষ্ঠান’ৰ ঐতিহ্য সংৰক্ষণৰ প্ৰয়াস: উন্মোচিত ড° কৃষ্ণা বৰ্মনৰ ‘কামৰূপীয়া ঢুলীয়া’
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১৪ জুলাই: নামনি অসমৰ অন্যতম জনপ্ৰিয় পৰিৱেশ্য লোককলা ‘ঢুলীয়া অনুষ্ঠান’ৰ ইতিহাস, ঐতিহ্য আৰু শিল্প-সংস্কৃতিক সামৰি ড° কৃষ্ণা বৰ্মনে ৰচনা কৰা গৱেষণাধৰ্মী অসমীয়া গ্ৰন্থ ‘কামৰূপীয়া ঢুলীয়া’ দেওবাৰে তৰুণ নগৰ নামঘৰ আৰু কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়।
বিশিষ্ট সাহিত্যিক, গীতিকাৰ, সুৰকাৰ তথা কটন বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপিকা ড° অপৰ্ণা বুজৰবৰুৱাই গ্ৰন্থখন উন্মোচন কৰি কয় যে, দীৰ্ঘদিনীয়া গৱেষণা আৰু ক্ষেত্ৰসমীক্ষাৰ ফলস্বৰূপে ড° কৃষ্ণা বৰ্মনে এই গ্ৰন্থখন প্ৰস্তুত কৰিছে। লুপ্তপ্ৰায় এই লোককলাৰ লগত জড়িত শিল্পীসকলৰ জীৱনসংগ্ৰাম, দুখ-কষ্ট আৰু শিল্পসাধনাৰ এক বিশ্বাসযোগ্য দলিল হিচাপে গ্ৰন্থখন সমাদৃত হ’ব বুলি তেওঁ মত প্ৰকাশ কৰে। ঢুলীয়া অনুষ্ঠানৰ বিভিন্ন দিশ নিষ্ঠাৰে লিপিবদ্ধ কৰি ড° বৰ্মনে লোক-ঐতিহ্য সংৰক্ষণত উল্লেখযোগ্য অৱদান আগবঢ়াইছে বুলিও তেওঁ মন্তব্য কৰে।
অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা লেখিকা ডাঃ ৰুবী কটকী, লোকশিল্পী তথা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰেণু দত্ত ফুকন আৰু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া অপূৰ্ব জীৱন বৰুৱাই বক্তব্য ৰাখি কয় যে, নিম্ন অসমৰ সমৃদ্ধ লোক-সংস্কৃতিৰ হেৰাই যাব ধৰা ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত এই গ্ৰন্থ এক উল্লেখযোগ্য সংযোজন।
সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান ‘অন্তৰংগ’-ই প্ৰজ্ঞা মিডিয়াহাইপ প্ৰকাশনৰ সহযোগত অনুষ্ঠানটিৰ আয়োজন কৰে। অনুষ্ঠানটি সফল কৰি তোলাত কল্পনা দত্ত বনিয়াই বিশেষ ভূমিকা পালন কৰে। অনুষ্ঠানটি অৱসৰপ্ৰাপ্ত প্ৰসাশনিক বিষয়া কৃষ্ণা বৰুৱা আৰু বিশিষ্ট অভিনেত্ৰী নীলা শইকীয়াই সঞ্চালনা কৰে। অনুষ্ঠানত যথেষ্টসংখ্যক সংস্কৃতিপ্ৰেমী, গ্ৰন্থপ্ৰেমী আৰু বহু শুভানুধ্যায়ী উপস্থিত থাকে।
