September 20, 2026

Global Assam News

Global and Local Assam News Website

জুবিন গাৰ্গ মৃত্যু: ভাইৰেল ভিডিঅ’ৰ সত্য উন্মোচন; সাক্ষী সুস্মিতা গোস্বামীৰ বিস্ফোৰক কথা আদালতত

জুবিন গাৰ্গ মৃত্যু: ভাইৰেল ভিডিঅ’ৰ সত্য উন্মোচন; সাক্ষী সুস্মিতা গোস্বামীৰ বিস্ফোৰক কথা আদালতত

সমগ্ৰ সমাচাৰ সেৱা |

গুৱাহাটী, ১ ১ছেপ্টেম্বৰ :অসমীয়া সংগীত জগতৰ অমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এক বছৰতকৈ অধিক সময় পাৰ হ’লেও, এই ঘটনাৰ সত্যতা আৰু অন্তিম মুহূৰ্তৰ চাঞ্চল্য আৰু গুৱাহাটীৰ ফাষ্টট্ৰেক আদালতত চলি থকা শুনানিৰ মাজত ভিন্ন বিতৰ্ক আৰু গুৰুত্বপূৰ্ণ তথ্য অহা-যোৱা হৈছে। বিশেষকৈ সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’সমূহক লৈ অসমীয়া সমাজত উপচি পৰিছে সন্দেহ, দুঃখ আৰু কৌতূহল।

এই ক্ষেত্ৰত, ছিংগাপুৰীয়া অসমীয়া সুস্মিতা গোস্বামীয়ে আদালতত ৩ দিন ধৰি সাক্ষ্য দিয়াৰ পিছত মিডিয়াৰ সন্মুখত মুখ খুলিলে। তেওঁ স্পষ্টকৈ কয়, “সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’টো জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তৰ ভিডিঅ’ নহয়। মৃত্যুৰ সময়ছোৱাৰ সকলো ভিডিঅ’ মোৰ লগত আছিল, আৰু এই ভিডিঅ’সমূহ আদালতত দাখিল কৰিছো।”

সুস্মিতাই লগতে কয়, “মোৰ ভিডিঅ’ত জিঅ’ টেগ আৰু লোকেচন আছে। কিমান সময়ত জুবিনদা কি কৰিছিল, সেইবোৰ স্পষ্টকৈ এইবোৰ ভিডিঅ’ত সংৰক্ষিত। ছিংগাপুৰৰ আদালতত যি কৈছিলোঁ, গুৱাহাটীতো একেখিনি কথা কৈছো। ঘটনাৰ দিনা প্ৰথম কলটো মেডিকেললৈ মোৰ ফোনৰ পৰা কৰা হৈছিল।”

তেওঁ বুজাই দিয়ে, ভাইৰেল ভিডিঅ’খনৰ প্ৰসংগত, “সামাজিক মাধ্যমত যি ভিডিঅ’ দেখা গৈছে, সেইটো অন্তিম মুহূৰ্তৰ ভিডিঅ’ নহয়। সকলো প্ৰমাণ, ভিডিঅ’ আৰু তথ্য গুৱাহাটীৰ SIT আৰু ছিংগাপুৰ আৰক্ষীক দিয়া হৈছে।”

১৯ ছেপ্টেম্বৰ, যি দিনা এই ঘটনা ঘটিছিল, সেই সময়ত পৰিস্থিতি সাংঘাতিক আছিল বুলি তেওঁ স্মৰণ কৰে। “জুবিনদাৰ অসুখৰ কথা আমি জনা নাছিলোঁ, জনা হ’লে মই নিজেই যোৱা নিদিলোঁ হয়,”—এই মন্তব্যে সুস্মিতাৰ দুখ আৰু মনৰ যন্ত্ৰণাও স্পষ্ট।

এই বিস্ফোৰক সাক্ষ্য আৰু প্ৰমাণসমূহ আদালতত দাখিল হোৱাৰ পিছত গোচৰৰ তদন্ত নতুন দিশ পাইছে। অসমীয়া সংগীতজগত আৰু ভক্তসমূহে এতিয়াও জুবিন গাৰ্গৰ মৰ্মান্তিক মৃত্যু আৰু ইয়াৰ গোপন দিশসমূহৰ সম্পূর্ণ সত্য প্ৰকাশৰ আশাত আছে।

জুবিনৰ অন্তিম মুহূৰ্তৰ সাক্ষী সুস্মিতা গোস্বামীয়ে আদালতত সাক্ষ্য দিয়াৰ পিছত তেওঁ দিয়া তথ্যসমূহে গোচৰত নতুন মোড় আনিছে। সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’ৰ সত্যতা সন্দেহৰ অৱসান কৰে আৰু তদন্তক অধিক বিশ্বাসযোগ্য কৰি তোলে।

অসমীয়া সমাজ আৰু সংগীত অনুৰাগীয়ে এতিয়াও প্ৰিয় শিল্পীৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰি আছে আৰু আশা ৰাখিছে যে, আদালতৰ চূড়ান্ত ৰায়ত সকলো সত্য উন্মোচিত হ’ব।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *