November 23, 2026

Global Assam News

Global and Local Assam News Website

ত্ৰিপুৰাৰ পৰা সন্ধানহীন দুই কিশোৰী উদ্ধাৰ, যুৱক গ্ৰেপ্তাৰ

ত্ৰিপুৰাৰ পৰা সন্ধানহীন দুই কিশোৰী উদ্ধাৰ, যুৱক গ্ৰেপ্তাৰ
  • ত্ৰিপুৰাৰ আম্বাছাৰ পৰা দুই নাবালিকা উদ্ধাৰ।

  • হোছানা অনাথ আশ্ৰমৰ পৰা সন্ধানহীন হৈছিল কিশোৰী দুগৰাকী।

  • আশীষ দাস নামৰ যুৱক গ্ৰেপ্তাৰ।

  • যুৱকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ।

সমগ্ৰ সমাচাৰ সেৱা

হাফলং, ২৩ নৱেম্বৰ: হাফলং আৰক্ষীয়ে ত্ৰিপুৰাৰ পৰা সন্ধানহীন হৈ থকা দুগৰাকী নাবালিকা কিশোৰীক উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ তথ্য অনুসৰি, হাফলঙৰ হোছানা অনাথ আশ্ৰমৰ পৰা দুয়োগৰাকী কিশোৰী সন্ধানহীন হোৱাৰ পিছত ১৩ ছেপ্টেম্বৰত হাফলং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছিল। ইয়াৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

ত্ৰিপুৰাৰ আম্বাছাৰ পৰা উদ্ধাৰ

তদন্তৰ সময়ত আৰক্ষীয়ে কিশোৰী দুগৰাকীৰ অৱস্থান ত্ৰিপুৰাৰ ধলাই জিলাৰ আম্বাছাত লাভ কৰে। উপ-পৰিদৰ্শক কমল ডেকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে আম্বাছা আৰক্ষী থানাৰ অন্তৰ্গত টিআৰটিচি পাৰাৰ এটা ঘৰৰ পৰা কিশোৰী দুগৰাকীক উদ্ধাৰ কৰে।

ন্যায়িক জিম্মালৈ প্ৰেৰণ যুৱকক

অভিযানৰ সময়ত কিশোৰী দুগৰাকীৰ সৈতে থকা আশীষ দাস নামৰ এজন যুৱকক আৰক্ষীয়ে আটক কৰে। পৰৱৰ্তী সময়ত তিনিওকে হাফলংলৈ আনি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়।

উদ্ধাৰ হোৱা কিশোৰী দুগৰাকীক পুনৰ হোছানা অনাথ আশ্ৰমলৈ ঘূৰাই পঠিওৱা হৈছে। আনহাতে, গ্ৰেপ্তাৰ হোৱা যুৱকজনক হাফলং উপ-কাৰাগাৰলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *