বজালীত ‘হেলমেট-ছিটবেল্ট নিপিন্ধিলে ইন্ধন নাই’ নীতি বলৱৎ
-
বজালীত ‘No Helmet, No Seatbelt, No Fuel’ নীতি বলৱৎ।
-
হেলমেট আৰু ছিটবেল্ট অবিহনে ইন্ধন লাভত নিষেধাজ্ঞা।
-
পেট্ৰ’ল পাম্পত CCTV স্থাপনৰ নিৰ্দেশ।
-
আৰক্ষী আৰু পৰিবহণ বিভাগৰ যুটীয়া অভিযান।
সমগ্ৰ সমাচাৰ সেৱা
পাঠশালা, ২৪ নৱেম্বৰ: পথ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে অসমৰ বজালী জিলা প্ৰশাসনে যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনৰ সকলো পেট্ৰ’ল পাম্পত ‘No Helmet/Seatbelt, No Fuel’ নীতি বলৱৎ কৰা হৈছে। এই নিৰ্দেশনা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিছে জিলা প্ৰশাসনে।
পেট্ৰ’ল পাম্পত কঠোৰ নিৰ্দেশনা
জিলা দণ্ডাধীশ মধুমিতা ভাগৱতীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS), ২০২৩ৰ ১৬৩ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি, হেলমেট পৰিধান নকৰা দুচকীয়া বাহনৰ চালক আৰু পিছৰ আসনত বহা যাত্ৰীক পেট্ৰ’ল পাম্পত ইন্ধন প্ৰদান কৰা নহ’ব। একেদৰে ছিটবেল্ট পৰিধান নকৰা ব্যক্তিগত আৰু বাণিজ্যিক বাহনৰ চালকেও ইন্ধন লাভ নকৰিব। পেট্ৰ’ল পাম্পত বিপৰীত দিশেৰে প্ৰৱেশ কৰা বাহনকো ইন্ধন প্ৰদানত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
CCTVৰ জৰিয়তে নিৰীক্ষণ, কঠোৰ পৰীক্ষা
প্ৰশাসনে পেট্ৰ’ল পাম্পসমূহক ১০ দিনৰ ভিতৰত DVR-সহ CCTV কেমেৰা স্থাপন কৰিবলৈ নিৰ্দেশ দিছে। লগতে অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত সতৰ্কবাণীৰ ফলক লগোৱা, যান-বাহন আইন উলংঘনৰ তথ্য সংৰক্ষণ কৰা আৰু দৈনিক আৰক্ষীক প্ৰতিবেদন দাখিল কৰাটো বাধ্যতামূলক কৰা হৈছে।
ইয়াৰ উপৰি আৰক্ষী আৰু জিলা পৰিবহণ বিভাগে যুটীয়াভাৱে নাকা তালাচী চলাই বৈধ নথি-পত্ৰবিহীন বাহন, অতিৰিক্ত বোজা কঢ়িওৱা বাহন, সুৰাপান কৰি গাড়ী চলোৱা আৰু অনাদায় যান-বাহন জৰিমনাৰ বিৰুদ্ধে অভিযান চলাব। জৰুৰীকালীন বাহন আৰু প্ৰমাণিত চিকিৎসাজনিত জৰুৰীকালীন পৰিস্থিতিৰ ক্ষেত্ৰত এই নিৰ্দেশনাৰ পৰা ৰেহাই দিয়া হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিয়ম বলৱৎ থাকিব।
