September 1, 2026

Global Assam News

Global and Local Assam News Website

সোণাপুৰ – গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকত খুন্দা ৭ জনৰ মৃত্যু

সোণাপুৰ - গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকত খুন্দা ৭ জনৰ মৃত্যু।
  •  মৰ্মন্তুদ দুৰ্ঘটনা: ক্ষেত্ৰী-নলগেদেৰাত যাত্ৰীবাহী বাহন আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৭ জনৰ মৃত্যু।
  • পথৰ শোচনীয় অৱস্থা: বৃহৎ গাঁতত পৰাৰ পিছত যাত্ৰীবাহী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাইছিল বুলি প্ৰাথমিক তথ্যত প্ৰকাশ।
  • পুৱাই টোলগেট অৱৰোধ: ৰাইজে সোণাপুৰ টোলগেটত টোল সংগ্ৰহ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
  • পথ মেৰামতিৰ দাবী: NH-27ৰ গাঁতসমূহ শীঘ্ৰে মেৰামতি কৰি পথটো সুৰক্ষিত কৰাৰ দাবী জনায়।সোণাপুৰৰ ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, ৭ জনৰ মৃত্যু; টোলগেটত ৰাইজৰ প্ৰতিবাদ

সমগ্ৰ সমাচাৰ সেৱা

ক্ষেত্ৰী, সোণাপুৰ, কামৰূপ মহানগৰ,৩১ আগষ্ট:সোণাপুৰৰ ক্ষেত্ৰী-নলগেদেৰা অঞ্চলত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৭ জনলৈ বৃদ্ধি পাইছে। দেওবাৰে নিশা নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন যাত্ৰীবাহী বাহন বিপৰীত দিশৰ পৰা অহা এখন মালবাহী ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়।

প্ৰাথমিক তথ্য অনুসৰি, যাত্ৰীবাহী বাহনখনে পথৰ মাজত থকা এটা বৃহৎ গাঁতত পৰাৰ পিছত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ পাৰ হৈ বিপৰীত লেনত প্ৰৱেশ কৰে আৰু ট্ৰাকখনত খুন্দা মাৰে। দুৰ্ঘটনাত কেইবাগৰাকী যাত্ৰী আহত হয়। আহতসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ লৈ যোৱা হয়। পিছত চিকিৎসাধীন অৱস্থাতো কেইবাগৰাকী লোকৰ মৃত্যু হয়।

পুৱাই টোলগেটত ৰাইজৰ অৱস্থান, পথ মেৰামতিৰ দাবী

দুৰ্ঘটনাৰ পিছতে পথৰ শোচনীয় অৱস্থাক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। ৰাইজে অভিযোগ কৰে যে সোণাপুৰৰ এই অংশত বৃহৎ গাঁতৰ বাবে সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু পথ মেৰামতিৰ দাবী দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা হৈছে।

দেওবাৰে নিশা ৰাইজে প্ৰায় তিনি ঘণ্টা ধৰি NH-27 অৱৰোধ কৰাৰ পিছত সোমবাৰে পুৱাই সোণাপুৰ টোলগেটত উপস্থিত হৈ টোল সংগ্ৰহ বন্ধ কৰি দিয়ে। প্ৰতিবাদকাৰীসকলে স্পষ্ট দাবী জনায় যে পথৰ বৃহৎ গাঁতসমূহ তৎকালীনভাৱে মেৰামতি কৰি পথটো যাতায়াতৰ বাবে সুৰক্ষিত নকৰালৈকে টোল সংগ্ৰহ চলিবলৈ দিয়া নহ’ব।

NHAIৰ বিৰুদ্ধে ক্ষোভ

স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)-ৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ দাবী, যান-বাহনৰ পৰা নিয়মীয়াকৈ টোল সংগ্ৰহ কৰা হৈছে যদিও পথৰ বিপজ্জনক গাঁতসমূহ সময়মতে মেৰামতি কৰা হোৱা নাই।

দুৰ্ঘটনাৰ পিছত ক্ষেত্ৰী আৰক্ষীয়ে NHAIৰ দুগৰাকী বিষয়াক সোধা-পোছাৰ বাবে আটক কৰাৰ তথ্য প্ৰকাশ পাইছে। ইফালে, প্ৰতিবাদকাৰীসকলে পথ মেৰামতিৰ লগতে NH-27ৰ সোণাপুৰ অংশত স্থায়ী পথ-সুৰক্ষা ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *