November 22, 2026

Global Assam News

Global and Local Assam News Website

হিমাশ্ৰী বৰোৰ মৃত্যুৰ গোচৰ গ্ৰহণ ৰে’লৱে ন্যায়াধিকৰণৰ

হিমাশ্ৰী বৰোৰ মৃত্যুৰ গোচৰ গ্ৰহণ ৰে'লৱে ন্যায়াধিকৰণৰ
  • ৰে’লৱে দাবী ন্যায়াধিকৰণৰ স্বতঃপ্ৰণোদিত গোচৰ গ্ৰহণ।

  • তিনিখন ৰাজ্যৰ আৰক্ষী আৰু ৰে’ল কৰ্তৃপক্ষৰ পৰা প্ৰতিবেদন বিচাৰ।

  • হিমাশ্ৰীৰ পৰিয়ালৰ ষড়যন্ত্ৰৰ সন্দেহ।

  • পৰিয়ালৰ বাবে সৰ্বাধিক ৮ লাখ টকাৰ ক্ষতিপূৰণৰ সম্ভাৱনা।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ৪ নৱেম্বৰ: অসমৰ যুৱতী হিমাশ্ৰী বৰোৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই নতুন মোৰ লৈছে। গুৱাহাটীৰ ৰে’লৱে দাবী ন্যায়াধিকৰণে (Railway Claims Tribunal) এই ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি স্বতঃপ্ৰণোদিতভাৱে (Suo Motu) গোচৰ গ্ৰহণ কৰিছে। ন্যায়াধিকৰণৰ এই পদক্ষেপৰ পিছতে ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়াই নতুন গতি লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে।

তিনিখন ৰাজ্যৰ আৰক্ষী আৰু ৰে’ল কৰ্তৃপক্ষৰ পৰা প্ৰতিবেদন বিচাৰিলে

ন্যায়াধিকৰণৰ গুৱাহাটী বিচাৰপীঠে হিমাশ্ৰীৰ পিতৃ-মাতৃৰ বক্তব্য গ্ৰহণ কৰাৰ লগতে তিনিখন ৰাজ্যৰ আৰক্ষী আৰু ৰে’লৱে কৰ্তৃপক্ষক ঘটনাৰ সন্দৰ্ভত বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ন্যায়িক সদস্য এছ ডি শৰ্মা আৰু কাৰিকৰী সদস্য লীনা শৰ্মাই প্ৰাথমিক পৰ্যবেক্ষণত হিমাশ্ৰীক এগৰাকী বৈধ ৰে’লযাত্ৰী হিচাপে নিশ্চিত কৰিছে।

ভিৰ আৰু অসুৰক্ষিত পৰিৱেশৰ অভিযোগ

গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী তথা নৃত্যশিল্পী ২০ বছৰীয়া হিমাশ্ৰী বৰোৱে নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অন্ধ্ৰপ্ৰদেশলৈ গৈছিল। ৫ অক্টোবৰত বিশাখাপট্টনমৰ পৰা কন্যাকুমাৰী–ডিব্ৰুগড় বিবেক এক্সপ্ৰেছযোগে ঘৰলৈ উভতি অহাৰ সময়ত ৬ অক্টোবৰৰ নিশা ২.৩৯ বজাত পৰিয়াললৈ ফোন কৰি এছ-২ শ্লীপাৰ ডবাত অত্যধিক ভিৰ আৰু কেইজনমান সুৰাপান কৰা পুৰুষৰ উপস্থিতিৰ বাবে আতংকিত হোৱাৰ কথা জনাইছিল।

ইয়াৰ কিছু সময়ৰ পিছতে তেওঁৰ ম’বাইল ফোন বন্ধ হৈ পৰে। পৰৱৰ্তী সময়ত তেওঁৰ সামগ্ৰী গুৱাহাটীলৈ আহি পোৱাৰ বিপৰীতে ৭ অক্টোবৰত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ ৰে’লপথৰ কাষত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।

প্ৰাৰম্ভিক ৰে’ল আৰক্ষীৰ প্ৰতিবেদনত চলন্ত ৰে’লৰ খোলা দুৱাৰৰ পৰা পৰি মৃত্যুৰ সন্দেহ প্ৰকাশ কৰা হৈছিল। অৱশ্যে পৰিয়ালে এই ঘটনাত ষড়যন্ত্ৰৰ সন্দেহ প্ৰকাশ কৰি নৃত্যদল আৰু যাত্ৰাৰ ব্যৱস্থাপনাৰ সৈতে জড়িত পাঁচজন লোকৰ নাম উল্লেখ কৰি অভিযোগ দাখিল কৰিছে।

বৰ্তমান অসম আৰক্ষী, অন্ধ্ৰপ্ৰদেশ আৰক্ষী আৰু ৰে’লৱে সুৰক্ষা বাহিনীয়ে (RPF) যৌথভাৱে তদন্ত অব্যাহত ৰাখিছে। ৰে’ল মদদ হেল্পলাইনৰ সঁহাৰি, এছ-২ ডবাৰ সহযাত্ৰীসকলৰ বক্তব্য আদি দিশ পৰীক্ষা কৰা হৈছে। ন্যায়াধিকৰণে মৃতকৰ পৰিয়ালক সৰ্বাধিক ৮ লাখ টকা ক্ষতিপূৰণ প্ৰদানৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *