অসমৰ পূৰ্ণিমা দেৱী বৰ্মনলৈ ২০২৬ ৰ ‘ৱে-ফাইণ্ডাৰ এৱাৰ্ড’
Oplus_131072
- অসমৰ বিশিষ্ট বন্যপ্ৰাণী জীৱবিজ্ঞানী তথা সংৰক্ষণবিদ পূৰ্ণিমা দেৱী বৰ্মনক ২০২৬ চনৰ সন্মানীয় ৱে-ফাইণ্ডাৰ এৱাৰ্ড প্ৰদান কৰা হৈছে।
- National Geographic Society আৰু Kia-ৰ যৌথ উদ্যোগত এই বঁটা প্ৰদান কৰা হয়।
- বিশ্বৰ ৬খন মহাদেশৰ ১৫গৰাকী বিশিষ্ট পৰিৱৰ্তনকাৰীৰ ভিতৰত স্থান লাভ কৰিছে পূৰ্ণিমা দেৱী বৰ্মনে।
- বিপন্ন ‘হাৰ্গিলা’ (Greater Adjutant Stork) চৰাই সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ অসামান্য অৱদানৰ স্বীকৃতি স্বৰূপে এই সন্মান আগবঢ়োৱা হৈছে।
- ‘হাৰ্গিলা আৰ্মী’ নামৰ ২০ হাজাৰতকৈ অধিক মহিলাৰ এক জনভিত্তিক সংৰক্ষণ আন্দোলনৰ নেতৃত্ব দিছে তেওঁ।
হাৰ্গিলা সংৰক্ষণ আন্দোলনৰ বাবে বিশ্বমঞ্চত পুনৰ উজলিল অসমৰ নাম
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১১ জুন: অসমৰ গৌৰৱ তথা বিশিষ্ট বন্যপ্ৰাণী জীৱবিজ্ঞানী আৰু সংৰক্ষণবিদ পূৰ্ণিমা দেৱী বৰ্মনক ২০২৬ চনৰ সন্মানীয় ৱে-ফাইণ্ডাৰ এৱাৰ্ডৰ বাবে নিৰ্বাচিত কৰা হৈছে। National Geographic Society আৰু Kia-ই যৌথভাৱে প্ৰদান কৰা এই আন্তঃৰাষ্ট্ৰীয় সন্মানে তেওঁৰ হাৰ্গিলা সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানক বিশ্বমঞ্চত পুনৰ স্বীকৃতি দিলে।
পূৰ্ণিমা দেৱী বৰ্মনে বিপন্ন প্ৰজাতিৰ ‘হাৰ্গিলা’ (Greater Adjutant Stork) চৰাইক সংৰক্ষণৰ বাবে গঢ়ি তোলা ‘হাৰ্গিলা আৰ্মী’ নামৰ মহিলাভিত্তিক আন্দোলনৰ জৰিয়তে এক অনন্য উদাহৰণ স্থাপন কৰিছে। ২০ হাজাৰতকৈ অধিক মহিলাই এই আন্দোলনৰ সৈতে জড়িত হৈ বাসস্থান সংৰক্ষণ, পৰিৱেশ সজাগতা আৰু জীৱিকাৰ সুযোগ সৃষ্টিৰ কামত অংশগ্ৰহণ কৰি আহিছে।
National Geographic Society-এ ২০২৬ বৰ্ষৰ ৱে-ফাইণ্ডাৰ এৱাৰ্ডৰ বাবে বিজ্ঞান, সংৰক্ষণ, শিক্ষা, প্ৰযুক্তি আৰু গল্পকথনৰ ক্ষেত্ৰত অসাধাৰণ কাম কৰা বিশ্বৰ ১৫গৰাকী ব্যক্তিক নিৰ্বাচন কৰিছে। এই তালিকাত স্থান লাভ কৰি পূৰ্ণিমা দেৱী বৰ্মনে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক গৌৰৱান্বিত কৰিছে।
এই সন্মান লাভৰ পাছত পূৰ্ণিমা দেৱী বৰ্মনে কয় যে তেওঁ এই স্বীকৃতি তেওঁৰ প্ৰয়াত পিতৃ সুবেদাৰ মেজৰ ভৱানী কান্ত শৰ্মাৰ স্মৃতিত উৎসৰ্গা কৰিছে। শেহতীয়াকৈ পিতৃৰ মৃত্যুৰ পিছত লাভ কৰা এই সন্মান তেওঁৰ বাবে এক আবেগিক মুহূৰ্ত বুলিও তেওঁ উল্লেখ কৰে।
ৱে-ফাইণ্ডাৰ এৱাৰ্ডত সন্মানিত হোৱাৰ জৰিয়তে পূৰ্ণিমা দেৱী বৰ্মনে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে স্থানীয় সমাজক লগত লৈ কৰা সংৰক্ষণমূলক পদক্ষেপে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিব পাৰে। তেওঁৰ এই সাফল্যে অসমৰ বন্যপ্ৰাণী সংৰক্ষণ আন্দোলনক নতুন উদ্দীপনা প্ৰদান কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো ৰাজ্যখনৰ ভাবমূৰ্তি অধিক উজ্জ্বল কৰি তুলিছে।
