November 22, 2026

Global Assam News

Global and Local Assam News Website

টেঙাখাটৰ অইল ইণ্ডিয়াৰ অগ্নিকাণ্ডৰ কেন্দ্ৰীয় তদন্তৰ দাবী

টেঙাখাটৰ অইল ইণ্ডিয়াৰ অগ্নিকাণ্ডৰ কেন্দ্ৰীয় তদন্তৰ দাবী
  • টেঙাখাটৰ অগ্নিকাণ্ডৰ কেন্দ্ৰীয় তদন্তৰ দাবী।

  • তেল নিৰ্গমন আৰু সুৰক্ষাৰ ব্যৱস্থাক লৈ প্ৰশ্ন।

  • নিহতৰ পৰিয়ালক ২ কোটি টকাৰ ক্ষতিপূৰণৰ দাবী।

  • উত্তৰ-পূৰ্বাঞ্চলৰ অইল প্ৰতিষ্ঠানসমূহৰ সুৰক্ষা নিৰীক্ষণৰ আহ্বান।

সমগ্ৰ সমাচাৰ সেৱা

ডিব্ৰুগড়, ৭ নৱেম্বৰ: ডিব্ৰুগড় জিলাৰ টেঙাখাটস্থিত অইল ইণ্ডিয়া লিমিটেডৰ ইণ্টাৰমিডিয়েট টেংক ফাৰ্মত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী উত্থাপন কৰিছে অইলফিল্ড প্ৰটেকচন এণ্ড পাব্লিক ৱেলফেয়াৰ কমিটী (নৰ্থ-ইষ্ট)য়ে। কমিটীখনে এই ঘটনাৰ তদন্ত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই অথবা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)ৰ জৰিয়তে কৰোৱাৰ দাবী জনাইছে।

তেল নিৰ্গমন আৰু সুৰক্ষাৰ ব্যৱস্থাক লৈ প্ৰশ্ন

কমিটীৰ সভাপতি জয়ন্ত বৰুৱা আৰু সাধাৰণ সম্পাদক লক্ষজ্যোতি মৰাণে এক বিবৃতিযোগে ঘটনাটোত শোক প্ৰকাশ কৰাৰ লগতে অগ্নিকাণ্ডৰ পূৰ্বৰে পৰা অঞ্চলটোত তেল নিৰ্গমন আৰু সঘনাই জুই লগাৰ অভিযোগ উত্থাপন কৰে। এনে পৰিস্থিতিৰ মাজতো শ্ৰমিকসকলক কিয় কাম কৰি থাকিবলৈ দিয়া হৈছিল, তাক লৈ কমিটীয়ে প্ৰশ্ন উত্থাপন কৰে।

মৃতকৰ পৰিয়ালক ২ কোটি টকাৰ ক্ষতিপূৰণৰ দাবী

কমিটীখনে প্ৰতিগৰাকী নিহত শ্ৰমিকৰ পৰিয়ালক কমেও ২ কোটি টকাৰ ক্ষতিপূৰণ আৰু আহতসকলৰ সম্পূৰ্ণ চিকিৎসাৰ ব্যয় বহনৰ দাবী জনায়। লগতে ঘটনাৰ বাবে দায়ী বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অইল ইণ্ডিয়াৰ সকলো প্ৰতিষ্ঠানৰ সুৰক্ষা ব্যৱস্থাৰ নিৰীক্ষণৰ দাবী উত্থাপন কৰে।

উল্লেখ্য যে ৬ নৱেম্বৰত টেঙাখাটৰ অইল ইণ্ডিয়াৰ টেংক ফাৰ্মত সংঘটিত অগ্নিকাণ্ডত প্ৰথম অৱস্থাত এজন শ্ৰমিকৰ মৃত্যু হৈছিল। পৰৱৰ্তী সময়ত আহত আন দুজন শ্ৰমিকৰো মৃত্যু হোৱাত মুঠ মৃতকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পায়।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *