September 1, 2026

Global Assam News

Global and Local Assam News Website

অৰুণাচলত ৪,০৮৬ মিটাৰ উচ্চতাত নতুন উদ্ভিদ প্ৰজাতিৰ সন্ধান

অৰুণাচলত ৪,০৮৬ মিটাৰ উচ্চতাত নতুন উদ্ভিদ প্ৰজাতিৰ সন্ধান

সমগ্ৰ সমাচাৰ সেৱা 

অৰুণাচল প্ৰদেশ, ২৫ আগষ্ট: অৰুণাচল প্ৰদেশৰ উচ্চ পাৰ্বত্য অঞ্চলত নতুন এটা উদ্ভিদ প্ৰজাতিৰ সন্ধান লাভ কৰিছে CSIR-Institute of Himalayan Bioresource Technology (IHBT)-ৰ গৱেষকসকলে। Doronicum sanctum নাম দিয়া এই নতুন প্ৰজাতিটো সূৰ্যমুখী গোত্ৰৰ অন্তৰ্গত। হিমালয়ৰ জৈৱ-বৈচিত্ৰ্যৰ অন্যতম গুৰুত্বপূৰ্ণ অঞ্চলত চলোৱা বিস্তৃত উদ্ভিদ জৰীপৰ সময়ত এই আৱিষ্কাৰ কৰা হয়।

গৱেষকসকলে জনোৱা মতে, টাৱাং জিলাত সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৪,০৮৬ মিটাৰ উচ্চতাত ডামটেং অভিমুখী দুৰ্গম পাহাৰীয়া ঢালত উদ্ভিদবিধৰ সন্ধান পোৱা যায়। এই আৱিষ্কাৰ বিশেষ তাৎপৰ্যপূৰ্ণ, কিয়নো ‘Leopard’s bane’ নামেৰে পৰিচিত Doronicum গণৰ কোনো উদ্ভিদ উত্তৰ-পূৰ্বাঞ্চলত পূৰ্বে নথিভুক্ত হোৱা নাছিল। ভাৰতত এই গণৰ পূৰ্বৰ সকলো নথিভুক্ত প্ৰজাতি পশ্চিম হিমালয় অঞ্চলৰ পৰাই পোৱা গৈছিল।

গৱেষণাত পৃথক বৈশিষ্ট্যৰ সন্ধান

ক্ষেত্ৰ পৰ্যায়ত উদ্ভিদৰ নমুনা সংগ্ৰহ কৰাৰ পিছত গৱেষকসকলে পৰীক্ষাগাৰত ইয়াৰ বিশদ বিশ্লেষণ কৰে। ষ্টিৰিঅ’ মাইক্ৰ’স্কোপৰ সহায়ত উদ্ভিদৰ গঠন পৰীক্ষা কৰাৰ লগতে হাৰ্বেৰিয়ামৰ নথি আৰু বিশ্বৰ বিভিন্ন উদ্ভিদবিজ্ঞান সম্পৰ্কীয় গৱেষণা-পত্ৰৰ সৈতে নমুনাসমূহ তুলনা কৰা হয়।

গৱেষণাত দেখা যায় যে তিব্বত আৰু চীনত পোৱা কেইবিধমান উদ্ভিদৰ সৈতে ইয়াৰ কিছু সাদৃশ্য থাকিলেও Doronicum sanctum-ৰ কেইবাটাও স্বতন্ত্ৰ বৈশিষ্ট্য আছে। বিশেষকৈ ইয়াৰ ফুলৰ মূৰৰ কাষত থকা ক্ষুদ্ৰ, নোমযুক্ত বীজ সদৃশ গঠন আৰু সহজে সৰি পৰা পাখিসদৃশ ‘pappus’ উল্লেখযোগ্য।

চীনৰ নিকটতম সম্পৰ্কীয় D. conaense আৰু D. stenoglossum প্ৰজাতিৰ পৰাও নতুন উদ্ভিদবিধক পৃথক কৰিব পৰা গৈছে। ইয়াৰ ফুলৰ ঠাৰিৰ ওপৰৰ অংশ তুলনামূলকভাৱে ফুলি থকা আৰু ফুলটোক ঘেৰি ধৰা সেউজীয়া, সমতল তথা বৰ্শাকাৰ পাতসদৃশ গঠন ইয়াৰ বিশেষ বৈশিষ্ট্য হিচাপে চিনাক্ত কৰা হৈছে।

পবিত্ৰ জলপ্ৰপাতৰ সৈতে নামৰ সম্পৰ্ক

নতুন প্ৰজাতিটোৰ নামকৰণৰ সৈতেও অঞ্চলটোৰ ভূগোল আৰু সাংস্কৃতিক বিশ্বাসৰ সম্পৰ্ক আছে। ‘sanctum’ শব্দটো লেটিন ভাষাৰ পৰা আহিছে, যাৰ অৰ্থ ‘পবিত্ৰ’ বা ‘পূণ্যস্থানৰ সৈতে জড়িত’। উদ্ভিদবিধৰ টাইপ লোকেলিটি চুমি গ্যাৎছে পবিত্ৰ জলপ্ৰপাতৰ ওচৰত অৱস্থিত হোৱাৰ বাবেই গৱেষকসকলে এই নাম বাছনি কৰে।

উজ্জ্বল হালধীয়া ফুল আৰু হৃদয়াকৃতিৰ পাত থকা উদ্ভিদবিধ দেখাত আকৰ্ষণীয় হ’লেও ইয়াৰ সংখ্যা অতি কম বুলি গৱেষকসকলে প্ৰকাশ কৰিছে। সন্ধান পোৱা স্থানত মাত্ৰ ১০ৰ পৰা ১২টা উদ্ভিদ দেখা গৈছিল। এই সীমিত উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান ইয়াক সাময়িকভাৱে ‘Data Deficient’ বা পৰ্যাপ্ত তথ্যৰ অভাৱ থকা প্ৰজাতি হিচাপে সংৰক্ষণ মূল্যায়ন কৰা হৈছে।

এই আৱিষ্কাৰে পূব হিমালয়ত এতিয়াও বহু অজানিত জৈৱিক সম্পদ লুকাই থকাৰ সম্ভাৱনাকে উজলাই তুলিছে। একে সময়তে বিশ্বৰ অতি সংবেদনশীল পাৰিপাৰ্শ্বিক অঞ্চলসমূহৰ অন্যতম এই অঞ্চলত অধিক বৈজ্ঞানিক অনুসন্ধান আৰু জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰয়োজনীয়তাও নতুনকৈ স্পষ্ট কৰিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *