মোজেছ চালাইলৈ আইঅ’ডি ডিষ্টিংগুইশ্বড ফেল’ এৱাৰ্ড
সমগ্ৰ সমাচাৰ সেৱা
সেনাপতি, ২৫ আগষ্ট: মণিপুৰৰ ১৯৯০ বেটছৰ আইএএছ বিষয়া মোজেছ চালাইক ‘IOD Distinguished Fellow Awards—2026’ সন্মানেৰে সন্মানিত কৰাত মাও কাউন্সিলে তেওঁক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।
২২ আগষ্টত ইনষ্টিটিউট অৱ ডাইৰেক্টৰছ (IOD)-এ প্ৰদান কৰা এই সন্মান লাভ কৰাৰ বাবে কাউন্সিলে চালাইৰ কৃতিত্বৰ শলাগ লোৱাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জনায়।
বৰ্তমান ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ পাব্লিক এণ্টাৰপ্ৰাইজেছ বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা মোজেছ চালাই মণিপুৰ কেডাৰৰ ১৯৯০ চনৰ আইএএছ বিষয়া।
ব্যতিক্ৰমী অৱদানৰ স্বীকৃতি
মাও কাউন্সিলে প্ৰকাশ কৰা অভিনন্দন বাৰ্তাত কোৱা হয় যে চালাইৰ এই সাফল্যত তেওঁলোকে গভীৰভাৱে আনন্দিত। প্ৰশাসনিক ক্ষেত্ৰত তেওঁৰ উৎকৃষ্ট অৱদান আৰু নেতৃত্বৰ বাবে কাউন্সিলে তেওঁক অভিনন্দন জনোৱাৰ লগতে আগন্তুক দিনবোৰতো সফলতা অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে।
আইঅ’ডিৰ ২০২৬ চনৰ বাৰ্ষিক ডাইৰেক্টৰ্ছ কনক্লেভ আৰু ৩৬সংখ্যক আইঅ’ডি বাৰ্ষিক দিৱসত ভাৰতৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিক এই সন্মানেৰে সন্মানিত কৰা হয়। ব্যৱসায়, সমাজ আৰু জনকল্যাণৰ ক্ষেত্ৰত তেওঁলোকৰ ব্যতিক্ৰমী অৱদানৰ স্বীকৃতি হিচাপে এই বঁটা প্ৰদান কৰা হয়।
নেতৃত্ব আৰু সুশাসনৰ ওপৰত গুৰুত্ব
অনুষ্ঠানটোত বিভিন্ন ক্ষেত্ৰৰ সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া, কৰ্প’ৰেট নেতৃত্ব, নীতি নিৰ্ধাৰক, নিয়ন্ত্ৰক, বিনিয়োগকাৰী আৰু সুশাসন বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা, বিশেষ বক্তৃতা আৰু ব’ৰ্ডৰ পৰ্যায়ৰ মত-বিনিময় অনুষ্ঠিত হয়।
আইঅ’ডিয়ে ছ’চিয়েল মিডিয়া পোষ্টত উল্লেখ কৰা অনুসৰি, এই সন্মানে বঁটাপ্ৰাপকসকলৰ বিশিষ্ট কৰ্মজীৱন, প্ৰভাৱশালী নেতৃত্ব আৰু দীৰ্ঘদিনীয়া অৱদানক স্বীকৃতি দিয়াৰ লগতে উৎকৰ্ষতা, সততা, দায়িত্বশীল নেতৃত্ব আৰু সুশাসনৰ মূল্যবোধকো প্ৰতিফলিত কৰে।
