Global Assam News

Global and Local Assam News Website

জ্যেষ্ঠ সাংবাদিক নব ঠাকুৰীয়ালৈ ‘দেৱৰ্ষি নাৰদ জয়ন্তী সন্মান-২০২৬’

Oplus_131072

  • গুৱাহাটীত ৭ জুনত অনুষ্ঠিত হ’ব দেৱৰ্ষি নাৰদ জয়ন্তী বক্তৃতানুষ্ঠান।
  • জ্যেষ্ঠ সাংবাদিক নব ঠাকুৰীয়াক প্ৰদান কৰা হ’ব ‘দেৱৰ্ষি নাৰদ জয়ন্তী সন্মান-২০২৬’।
  • অনুষ্ঠানত তিনিগৰাকী কৰ্মৰত সাংবাদিককো সম্বৰ্ধনা জনোৱা হ’ব।
  • দিল্লী দূৰদৰ্শনৰ জ্যেষ্ঠ উপদেষ্টা প্ৰখৰ শ্ৰীবাস্তৱে মূল বক্তৃতা আগবঢ়াব।

গুৱাহাটীত দেৱৰ্ষি নাৰদ জয়ন্তী উদযাপন

সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ৪ জুন: গুৱাহাটীৰ বৰবাৰীস্থিত সুদৰ্শনালয়ত অহা ৭ জুনত বিশ্ব সংবাদ কেন্দ্ৰ (VSK) অসমে বাৰ্ষিক দেৱৰ্ষি নাৰদ জয়ন্তী বক্তৃতানুষ্ঠান আয়োজন কৰিব। পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানত দেশৰ বিশিষ্ট সংবাদ উপস্থাপক তথা দিল্লী দূৰদৰ্শনৰ সংবাদ বিভাগৰ জ্যেষ্ঠ উপদেষ্টা প্ৰখৰ শ্ৰীবাস্তৱ-এ মূল বক্তৃতা প্ৰদান কৰিব।

অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ বিশিষ্ট সাংবাদিক তথা ‘ঈশান দৰ্পণ’ৰ সম্পাদক নব ঠাকুৰীয়া-ক সাংবাদিকতা আৰু গণমাধ্যম ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে ‘দেৱৰ্ষি নাৰদ জয়ন্তী সন্মান-২০২৬’ প্ৰদান কৰা হ’ব।

এই উপলক্ষে কৰ্মৰত সাংবাদিক লক্ষ্যজিত গোহাঁই (এনকেটিভি), ৰঞ্জিতা ৰাভা (প্ৰথম খবৰ) আৰু মৃদুল হালৈ (দৈনিক অসম)-কো বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ’ব।
১৯৯০ চনত ‘নতুন দৈনিক’ৰ জৰিয়তে সাংবাদিকতা জীৱন আৰম্ভ কৰা নব ঠাকুৰীয়াই পাছলৈ ইংৰাজী সাংবাদিকতালৈ আগবাঢ়ে। বৰ্তমান তেওঁৰ লেখা ‘ঈশান দৰ্পণ’, ‘দ্য ষ্টেটছমেন’, ‘টেৰা গ্ৰীণ’, ‘ইণ্ডিয়ান প্ৰিণ্টাৰ এণ্ড পাব্লিচাৰ’ আদি বিভিন্ন প্ৰকাশনত নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে। উত্তৰ-পূৰ্বাঞ্চলৰ সামাজিক-ৰাজনৈতিক, সাংস্কৃতিক আৰু পৰিৱেশগত বিষয়সমূহ তেওঁৰ সাংবাদিকতাৰ মূল অধ্যয়নৰ ক্ষেত্ৰ।

বিশ্ব সংবাদ কেন্দ্ৰ অসমৰ সচিব কিশোৰ শিৱম-এ কয় যে সমাজক সজাগ আৰু সচেতন কৰি ৰখাত সংবাদ মাধ্যমৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। দেৱৰ্ষি নাৰদৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সংগঠনটোৱে প্ৰতি বছৰে এই অনুষ্ঠান আয়োজন কৰি আহিছে আৰু বিশিষ্ট সংবাদকৰ্মীক সন্মান জনাই আহিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *