নগাঁৱত ভূমি বিবাদক লৈ গুলীচালনা, আহত ৮
-
কলিয়াবৰৰ বৰঘুলীত গুলীচালনাৰ ঘটনা।
-
ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত আক্ৰমণ।
-
গুলীবিদ্ধ ৰুস্তম আলী চিকিৎসাধীন।
-
ঘটনাস্থলীৰ পৰা দুটা খালী কাৰ্টিজ উদ্ধাৰ।
সমগ্ৰ সমাচাৰ সেৱা
নগাঁও, ১০ নৱেম্বৰ: নগাঁও জিলাৰ কলিয়াবৰৰ বৰঘুলী গাঁৱত দীৰ্ঘদিনীয়া পাৰিবাৰিক ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত গুলীচালনাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মঙলবাৰে নিশা প্ৰায় ১২.৩০ বজাত সংঘটিত এই আক্ৰমণত ৮জন লোক আহত হয়। আহতসকলৰ ভিতৰত এজনৰ দেহত গুলী লাগিছে।
প্ৰাপ্ত তথ্য অনুসৰি, উফাইদুল ইছলামৰ পৰিয়ালে বিবাদমান ভূমিৰ দখল ল’বলৈ চেষ্টা কৰাৰ সময়তে এই ঘটনা সংঘটিত হয়। অভিযোগ অনুসৰি, ছফিকুল ইছলামৰ নেতৃত্বত ২০ৰ পৰা ৩০জনীয়া এটা সশস্ত্ৰ দলে মুখত মুখা পিন্ধি ঘটনাস্থলীত উপস্থিত হৈ আক্ৰমণ চলায়। আক্ৰমণকাৰীয়ে শিলগুটি নিক্ষেপ কৰাৰ লগতে গুলীচালনাও কৰে।
গুলীবিদ্ধ এজনৰ অৱস্থা সংকটজনক
এই ঘটনাত ৰুস্তম আলী নামৰ এজন লোকৰ ভৰিত গুলী লাগে। প্ৰথমে তেওঁক তেজপুৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় আৰু পিছত উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয়।
আন আহতসকলক আব্দুল হাকিম, ৰফিকুল ইছলাম, ইউছুফ আলী, আতৰ আলী, আছাদুল ইছলাম আৰু মফিজুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। শিলগুটিৰ আক্ৰমণত তেওঁলোক আহত হয়।
ঘটনাস্থলীৰ পৰা গুলীৰ খালী কাৰ্টিজ উদ্ধাৰ
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে উলুৱনী থানাৰ অন্তৰ্গত চুলুং আৰক্ষী চকীৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুটা গুলীৰ খালী কাৰ্টিজ উদ্ধাৰ কৰিছে।
উল্লেখ্য যে, বিবাদমান ভূমিখনক লৈ গোচৰ এটা বৰ্তমান স্থানীয় আদালতত বিচাৰাধীন হৈ আছে। ঘটনাটোৰ সৈতে জড়িত অভিযুক্তসকলক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে।
