November 22, 2026

Global Assam News

Global and Local Assam News Website

মণিপুৰলৈ ১৮ নৱেম্বৰত যাব RSSৰ মুৰব্বী মোহন ভাগৱত
  • ১৮-২০ নৱেম্বৰলৈ মোহন ভাগৱতৰ মণিপুৰ ভ্ৰমণ।

  • RSSৰ শতবৰ্ষ উদযাপনৰ কাৰ্যসূচী পৰ্যালোচনা।

  • পঞ্চ পৰিৱৰ্তন কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ ল’ব।

  • সংঘৰ কৰ্মকৰ্তা আৰু স্বেচ্ছাসেৱকৰ সৈতে মত বিনিময়।

সমগ্ৰ সমাচাৰ সেৱা

মণিপুৰ,১৬ নৱেম্বৰ: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)ৰ মুৰব্বী মোহন ভাগৱতে ১৮ নৱেম্বৰৰ পৰা তিনিদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰলৈ যাব। এই ভ্ৰমণকালত তেওঁ ৰাজ্যখনত সংঘৰ সাংগঠনিক কাম-কাজ আৰু বিভিন্ন সামাজিক পদক্ষেপৰ অগ্ৰগতিৰ বুজ ল’ব।

সংঘৰ শতবৰ্ষ উদযাপনৰ কাৰ্যসূচীৰ পৰ্যালোচনা

RSSৰ তথ্য অনুসৰি, ১৮ৰ পৰা ২০ নৱেম্বৰলৈ চলিবলগীয়া এই ভ্ৰমণৰ সময়ছোৱাত মোহন ভাগৱতে সংঘৰ শতবৰ্ষ উদযাপন উপলক্ষে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতি পৰ্যালোচনা কৰিব। লগতে সংঘৰ ‘পঞ্চ পৰিৱৰ্তন’ কাৰ্যসূচীৰ অধীনত চলি থকা পদক্ষেপসমূহৰ বিষয়েও আলোচনা কৰিব।

সংঘৰ কৰ্মকৰ্তাৰ সৈতে বৈঠক

ভ্ৰমণকালত ভাগৱতে RSSৰ বিষয়ববীয়া আৰু স্বেচ্ছাসেৱকসকলৰ সৈতে মত বিনিময় কৰিব। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সংঘৰ সেৱামূলক কাৰ্যকলাপ অধিক শক্তিশালী আৰু সম্প্ৰসাৰণ কৰাৰ ওপৰতো তেওঁ গুৰুত্ব দিব।

উল্লেখ্য যে, ২০২৩ চনৰ ৩ মে’ত মেইটেই আৰু কুকি-জো জনগোষ্ঠীৰ মাজত জাতিগত সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছত মোহন ভাগৱতৰ এয়া হ’ব মণিপুৰলৈ দ্বিতীয়টো ভ্ৰমণ। ইয়াৰ পূৰ্বে ২০২৫ চনৰ নৱেম্বৰ মাহত তেওঁ ৰাজ্যখন ভ্ৰমণ কৰিছিল।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *